ISHAN NEWS – Always One Step Ahead of Time…

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ অভিনেতা আৰবাজ খান

0 178

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল অভিনেতা,প্ৰযোজক আৰবাজ খান।ভগ্নী অৰ্পিতা খানৰ গৃহত মেকাপ আৰ্টিষ্ট শুৰা খানৰ সৈতে অনুষ্ঠিত হয় নিকাহ অনুষ্ঠান।

বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে পৰিয়ালৰ সকলো সদস্যই। পাঠানী চুট পিন্ধি উপস্থিত থাকে ভাতৃ চলমান খান। শুৰা, তেওঁৰ ভগ্নী আলভিৰা খান আদিৰ সৈতে সংগীততো অংশ লয় চলমানে।

পুত্ৰ আৰহানৰ সৈতে একেলগে গান গোৱা দেখা পোৱা গ’ল আৰবাজ খানক। বিবাহৰ প্ৰথমখন আনুষ্ঠানিক ছবি শ্বেয়াৰ কৰি আৰবাজে লিখিছিল, ‘আমাৰ প্ৰিয়জনৰ উপস্থিতিত, মই আৰু মোৰ সংগীয়ে আজিৰ দিনটোৰ পৰা জীৱনজোৰা মৰমেৰে একেলগে জীৱন আৰম্ভ কৰিম। আমাৰ বিশেষ দিনটোত আপোনালোকৰ আশীৰ্বাদ আৰু শুভকামনাৰ প্ৰয়োজন।’

অনুষ্ঠানত উপস্থিত থাকে আৰবাজৰ পিতৃ-মাতৃ চেলিম খান আৰু চালমা খান, ৰবীনা টেণ্ডন, ৰিদ্ধিমা পণ্ডিত, ৰিতেশ-জেনেলীয়া আৰু বহু অতিথি।

Leave A Reply

Your email address will not be published.