ISHAN NEWS – Always One Step Ahead of Time…

নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কামপুৰবাসীৰ, আগবঢ়ালে বন্যহস্তীলৈ ভোগ … ishan news

0 110

বৰ্তমানেও অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ। তাৰ পাছতো কিন্তু ৰঙীয়াল গাঁও আৰু মহগৰীয়াআটি গাঁৱৰ ৰাইজে বন্যহস্তীলৈ আগবঢ়ালে ভোগ ।

https://fb.watch/pbvm8yMuZL/

শগুণবাহী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ বৃহৎ জাকটোৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে দৰঙীয়াল গাঁও, মহগৰীয়াআটি গাঁও, মাজগাঁও, বাহাকাবাৰী, বগলাজান গাঁৱৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে । নিতৌ সন্ধিয়া হ’লে ডাবলু কিচাম, ডাঙৰি কিচাম আৰু দীঘলী কিচামৰ ঘন জংঘলত অৱস্থান কৰি থকা এটা বৃহৎ জাকটোৱে নিশা হ’লেই জনাঞ্চললৈ প্ৰৱেশ কৰে। যাৰ বাবে সন্ধিয়া হ’লেই বুকু কঁপি উঠে গঞাৰ । কিয়নো নিশা হ’লেই পথাৰৰ ধান, কুঁহিয়াৰ, সৰিয়হ, শাক-পাছলি খাই তহিলং কৰাৰ লগতে লোকৰ বাসগৃহ ভাঙি অনিষ্টও কৰে। ৰাইজে নিশা জুই জ্বলাই, ফটকা ফুটাই হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ’ব পৰা নাই ।

অৱশেষত উপায়ন্তৰ হৈ কামপুৰ দৰঙিয়াল গাঁও আৰু মহগৰীয়াআটি গাঁৱৰ ৰাইজে পথাৰৰ মাজত বন্যহস্তীৰ বাবে কলগছ, ধান, চাউল, ফলকে ধৰি বিভিন্ন খাদ্য যোগান ধৰি পথাৰত চাকি-ধূপ জ্বলাই সম্পূৰ্ণ মাংগলিক ৰীতিৰে বন্যহস্তীলৈ ভোগ আগবঢ়াই আৰু অহা বাটেৰে পুনৰ পাহাৰলৈ ঘূৰি যাবলৈ প্ৰাৰ্থনা কৰে ।

Leave A Reply

Your email address will not be published.