ISHAN NEWS – Always One Step Ahead of Time…

‘মুছলিম লীগ জম্মু-কাশ্মীৰ’ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ । ishan news…

0 193

বৃহৎ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে মুছলিম লীগ জম্মু-কাশ্মীৰক নিষিদ্ধ ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে এটা পোষ্টত লিখিছে যে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বাবে এই সংগঠনটো ইউএপিএৰ অধীনত নিষিদ্ধ কৰা হৈছে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে এই সংগঠনটোৰ ওপৰত আগন্তুক ৫ বছৰলৈ নিষেধাজ্ঞা আৰোপ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সযোগে (পূৰ্বৰ টুইটাৰ) লিখিছে যে ইউএপিএৰ অধীনত মুছলিম লীগ জম্মু কাশ্মীৰ (মছৰত আলম ফৈদ)/এমএলজেকে-এমএ-ক অবৈধ সংগঠন হিচাপে ঘোষণা কৰা হৈছে। এই সংগঠন আৰু ইয়াৰ সদস্যসকলে জম্মু-কাশ্মীৰত দেশ বিৰোধী আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন কৰে আৰু জম্মু-কাশ্মীৰত ইছলামিক শাসন প্ৰতিষ্ঠা কৰিবলৈ মানুহক উচটনি দিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বাৰ্তা স্পষ্ট যে যিয়ে আমাৰ দেশৰ ঐক্য, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কাম কৰে তেওঁলোকক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ’ব বুলিও প’ষ্টটোত উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.