আজি আলফা আৰু চৰকাৰৰ মাজত শান্তি চুক্তি । ishan news…
আজি নতুন দিল্লীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হব বহু প্ৰত্যাশিত আলফা আৰু চৰকাৰৰ মাজত শান্তি চুক্তি।দিল্লীৰ নৰ্থ ব্ল’কত শুকুৰবাৰে বিয়লি ৫ এই চুক্তি সম্পাদিত হ’ব শান্তি চুক্তি।
উল্লেখযোগ্য যে , শান্তি চুক্তিৰ পূৰ্বে আলফা নেতৃত্বই চৰকাৰৰ সৈতে কেইবালানিও বৈঠকত মিলিত হৈছে । এই সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ত আলোচনাপন্থী আলফাৰ প্ৰতিনিধি দলৰ শেষৰখন বৈঠক অনুষ্ঠিত হয়। এইখন বৈঠকত উপস্থিত আছিল অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, প্রদীপ গগৈ, শশ চৌধুৰী আদি ।
আজি শান্তি চুক্তি স্বাক্ষৰিত অনুষ্ঠানত সংযুক্ত মুক্তি বাহিনী, অসমৰ ১৬ জনীয়া প্ৰতিনিধিৰ দল উপস্থিত থকাৰ সম্ভাৱনা আছে ।
এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্র-ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকিব।