আন এক ইতিহাস বিৰাট কোহলীৰ; এই বিশেষ অভিলেখ গঢ়া বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলে লজ্জাজনকভাৱে পৰাস্ত হ’লেও তাৰকা ক্ৰিকেটাৰ তথা ৰান মেচিনৰূপে খ্যাত বিৰাট কোহলীয়ে গঢ়িলে এক অনন্য অভিলেখ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সাতটা বিভিন্ন কেলেণ্ডাৰ বৰ্ষত ২০০০ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰত পৰিণত হৈছে প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলী।
কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত ২৮ ৰান সংগ্ৰহ কৰাৰ লগে লগে এই বিৰল কৃতিত্বৰ অধিকাৰী হয়। দ্বিতীয় ইনিংছত তেওঁ ৭৬ ৰানৰ ইনিংছ খেলে। চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ৬৬.০৬ গড়ে ২০৪৮ ৰান সংগ্ৰহ কৰে।
ইয়াৰ পূৰ্বে তেওঁ ২০১২, ২০১৪, ২০১৬, ২০১৭, ২০১৮ আৰু ২০১৯ চনত ২০০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছিল।
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ইনিংছ ব্যৱধানত পৰাস্ত হয় ভাৰত। ভাৰতীয় বেটাৰৰ শোচনীয় প্ৰদৰ্শনৰ বাবেই দক্ষিণ আফ্ৰিকাই মেচখন এক ইনিংছ আৰু ৩২ ৰানত জয়ী হয়।