ISHAN NEWS – Always One Step Ahead of Time…

কি খাব পোৰা গাহৰি নে, পোৰা মূৰ্গী? আহক ‘দিহিংচাং খাদ্য মেলা-২০২৩’ লৈ…

0 194

টিংখাঙত তিনিদিনীয়া কাৰ্যসূচীৰে  আৰম্ভ হৈছে ‘দিহিংচাং খাদ্য মেলা-২০২৩’ । যাৰ বাবে এতিয়া টিংখাঙৰ   পানীবিল আৰু মাহমৰা আলিকিনাৰ মুগা চুমনি দিহিংচাং বহুমুখী মৎস্য পালন কেন্দ্ৰত নৱবৰ্ষৰ প্ৰাকক্ষণত এক  উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। 

https://fb.watch/pgOFbCluSf/

তিনিদিনীয়া কাৰ্যসূচীত  বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰে আৰম্ভ হৈছে এই খাদ্য মেলাত । ৩০ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই থলুৱা খাদ্য মেলাৰ আনুষ্ঠানিকভাৱে দুয়োটা প্ৰকল্পস্থলীত   শুভাৰম্ভ কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাই । উল্লেখযোগ্য যে সমষ্টিৰ নিবনুৱা যুৱক-যুৱতীসকলৰ কৰ্ম-স্থাপনৰ উদ্দেশ্যে বিধায়ক বিমল বড়াৰ উদ্যোগত দিহিং আৰু দিচাং নদীৰ পৰিতক্ত এৰা সুতিত  গ্ৰহণ কৰা ‘দিহিংচাং বহুমুখী প্ৰকল্প’ই এতিয়া বহু নিৱনুৱাৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। উক্ত আঁচনিৰ অন্তৰ্গত কেৱল বৰবাম পঞ্চায়তৰ অন্তৰ্গত পানীবিল মৎস্য পালন কেন্দ্ৰতে মীন পালনৰ যোগেদি কৰ্ম-সংস্থাপন লাভ কৰিছে প্ৰায় ১২০ জন শিক্ষিত নিবনুৱা যুৱকে।  ভৱিষ্যতে দিহিংচাং প্ৰকল্পৰ যোগেদি মিন, কৃষি, বয়ন শিল্প আদিৰ দিশত ন-ন আঁচনি গ্ৰহণ কৰি বহু নিবনুৱা যুৱক-যুৱতীক কৰ্ম-সংস্থাপন দিয়াৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে

Leave A Reply

Your email address will not be published.