ISHAN NEWS – Always One Step Ahead of Time…

সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰ, নিষিদ্ধ তেহৰিক-ই-হুৰিয়াত । ISHAN NEWS…

0 123

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ইউ এ পি এ আইনৰ অধীনত জম্মু-কাশ্মীৰ তেহৰিক-ই-হুৰিয়াটক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে।

গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই এই কথা ঘোষণা কৰিছে। জম্মু-কাশ্মীৰক ভাৰতৰ পৰা পৃথক কৰাৰ ষড়যন্ত্ৰত এই সংগঠন জড়িত বুলিও কয়।

ইয়াৰ উপৰি এই সংগঠনটো ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অধীনত ভাৰত বিৰোধী কাম-কাজত জড়িত যিকোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৭ ডিচেম্বৰত ভাৰত চৰকাৰে মুছলিম লীগ জম্মু-কাশ্মীৰকো নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰিছিল। এই সংগঠনটো ইউএপিএৰ অধীনত ৫ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, দেশত বৰ্তমান নিষিদ্ধ সংগঠনৰ তালিকাত আছে জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা, এল টি টি ই, আল কায়দা আৰু পি এফ আই।

Leave A Reply

Your email address will not be published.