ISHAN NEWS – Always One Step Ahead of Time…

ভাৰত আৰু মালদ্বীপৰ কূটনৈতিক বিবাদঃ মালদ্বীপৰ দূতক তলব

0 124

ভাৰত  আৰু মালদ্বীপৰ মাজৰ কূটনৈতিক বিবাদে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত মালদ্বীপৰ মন্ত্ৰীসকলে কৰা অপমানজনক মন্তব্যই বিতৰ্কৰ ধুমুহা সৃষ্টি কৰিছে। ইয়াৰ মাজতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মালদ্বীপৰ দূতক তলব কৰিছে আৰু বিষয়টো শক্তিশালীভাৱে উত্থাপন কৰা হৈছে । মালদ্বীপ চৰকাৰেও সেইসকল মন্ত্ৰীক নিলম্বন কৰিবলৈ বাধ্য হয়।

দেওবাৰে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত মালদ্বীপৰ সাংসদ তথা প্ৰাক্তন উপ অধ্যক্ষ আলভা আব্দুল্লাই নিজ দেশৰ মন্ত্ৰীসকলে কৰা মন্তব্যক সমালোচনা কৰে। আব্দুল্লাৰ মতে, এই মন্তব্য আচলতে ‘আপত্তিজনক’, ‘লজ্জাজনক’ আৰু ‘বৈষম্যমূলক’ আছিল।  “ভাৰত ঠিকেই কৈছে”, খং উঠিব লাগে।  এই মন্তব্য মালদ্বীপৰ সাধাৰণ মানুহৰ মতামত নহয়। সেই লজ্জাজনক আৰু বৈষম্যমূলক মন্তব্যৰ বাবে মই ব্যক্তিগতভাৱে ভাৰতবাসীৰ ওচৰত ক্ষমা বিচাৰিছো।”

মালদ্বীপ বিতৰ্কৰ পাছৰে পৰা এক্স-হেণ্ডলত দ্বীপ ৰাষ্ট্ৰখন বৰ্জনৰ ধাৰা আৰম্ভ কৰিছে ভাৰতীয় সকলে ।ভাৰতৰ পৰা বহু লোক ছুটী কটাবলৈ মালদ্বীপলৈ যায়। মালদ্বীপলৈ যোৱা পৰ্যটকৰ এক বৃহৎ অংশ ভাৰতীয়। ভাৰতীয় পৰ্যটক সকলক মালদ্বীপৰ পৰা আঁতৰি নাযাবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে।

শেহতীয়াকৈ মোডীয়ে লক্ষদ্বীপ ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ কেইবাখনো ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। অভিযোগ অনুসৰি মালদ্বীপৰ মন্ত্ৰীয়ে  এনে কিছুমান ফটোত মোডীক ‘পুতলা’ আৰু ‘জ’কাৰ’ বুলি অভিহিত কৰিছিল। ভাৰত-ইজৰাইলৰ সম্পৰ্কক লৈও আপত্তিজনক মন্তব্য কৰিছিল মালদ্বীপৰ মন্ত্ৰীয়ে ।বিতৰ্কৰ পাছতে মালদ্বীপৰ মন্ত্ৰীয়ে পোষ্টবোৰ ডিলিট কৰি দিয়ে।

Leave A Reply

Your email address will not be published.