চৰণেহে জানে মৰণৰ ঠাই! ৰান ল’বলৈ দৌৰাৰ পিছতেই অভিযন্তাই সাৱটিলে মৃত্যুক
কোনেও নাজানে কাৰ মৃত্যু ক’ত, কেতিয়া, কেনেকৈ হয়। সেয়ে কোৱা হয় চৰণেহে জানে মৰণৰ ঠাই। নেদেখাজনৰ হাতত সকলো বুলি বিশ্বাস কৰা হয়। ঠিক তেনেদৰে পৰিয়াল তথা সতীৰ্থই কল্পনা নকৰাকৈয়ে এজন অভিযন্তাই ক্ৰিকেট খেলপথাৰত সাৱটিলে মৃত্যুক।
ক্ৰিকেট খেলি থাকোতে হাৰ্ট এটেকত মৃত্যু হোৱা এই ঘটনাটো সংঘটিত হৈছে দিল্লীৰ গাতে লাগি থকা নয়দাত। মেচখন খেলি থকা সময়ৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত বেটছমেনজনে ৰান ল’বলৈ দৌৰাৰ পিছতে পিটচৰ মাজত ঢলি পৰা দেখা য়ায়।
বেটছমেনজন পিটচৰ মাজভাগত পৰি যোৱা দেখি খেলপথাৰত উপস্থিত থকা আন খেলুৱৈসকলে তেওঁক সহায় কৰিবলৈ দৌৰি যায়। কিন্তু তেওঁ তেতিয়ালৈকে অচেতন হৈ পৰে।
লগে লগে বেটছমেনজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈ যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
আৰক্ষীয়ে নিহত ব্যক্তিজনক ৩৬ বছৰীয়া বিকাশ বুলি চিনাক্ত কৰিছে। বিকাশ পেছাত এজন অভিযন্তা আছিল।
এই ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী উপ-আয়ুক্ত মনীষ কুমাৰ মিশ্ৰই জনাই যে, নয়দাস্থিত এটা কোম্পানীত অভিযন্তাৰূপে কৰ্মৰত বিকাশে তেওঁ সতীৰ্থসকলৰ সৈতে ছেক্টৰ ১৩৫ৰ ক্ৰিকেট গ্ৰাউণ্ডত মেচ খেলি আছিল। এই সময়তে ৰান ল’বলৈ দৌৰাৰ পিছত বিকাশ খেলপথাৰতে ঢলি পৰে। অচেতন অৱস্থাত তেওঁক সতীৰ্থ খেলুৱৈসকলে হাস্পতাললৈ লৈ যায় যদিও প্ৰাথমিক চিকিৎসাৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
এই ঘটনাৰ পিছত আৰক্ষীয়ে মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষা কৰাত মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি নিশ্চিত কৰা হয়।