ISHAN NEWS – Always One Step Ahead of Time…

কাইলৈ বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ গুৰুত্বপূৰ্ণ বৈঠক; নীতিশ কুমাৰক ডাঙৰ দায়িত্ব!

0 118

লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ উদ্দেশ্যৰে একত্ৰিত হোৱা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ এখন গুৰুত্বপূৰ্ণ বৈঠক শনিবাৰে (১৩ জানুৱাৰী) পুৱা ১১.৩০ বজাত অনুষ্ঠিত হ’ব।

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি, বিৰোধীৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিত অনলাইনযোগে অনুষ্ঠিত হ’বলগীয়া এই বৈঠকখনত বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ সভাপতি নীতিশ কুমাৰক আহ্বায়কৰ দায়িত্ব আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক ইণ্ডিয়া এলায়েন্সৰ সভাপতি দায়িত্ব অৰ্পণ কৰিব পাৰে।

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াত অন্তৰ্ভুক্ত প্ৰায়বোৰ দলেই নীতিশ কুমাৰক আহ্বায়ক হিচাপে দায়িত্ব প্ৰদানত সন্মতি প্ৰকাশ কৰিছে যদিও পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত একো মন্তব্য কৰা নাই।

উল্লেখ্য যে, শনিবাৰৰ এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো এই বৈঠকতে আসন ভাগ বাটোৱাৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পাৰে।

আসন ভাগ বাটোৱাৰাক লৈ চলি থকা অস্থিৰতা সন্দৰ্ভতো শনিবাৰৰ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। মিত্ৰজোঁট সমিতিয়ে এই পৰ্যন্ত কেৱল উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা, শৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি, অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ, আৰডেজি আৰু সমাজবাদী পাৰ্টীৰ সৈতেহে আসন ভাগ বাটোৱাৰা সন্দৰ্ভত বৈঠকত মিলিত হৈছে।

এই সন্দৰ্ভত এতিয়ালৈকে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ আলোচনা হোৱা নাই। তৃণমূলে পশ্চিম বংগত কংগ্ৰেছ দলক মাত্ৰ দুখন আসনহে এৰি দিব বুলি কৰা মন্তব্যক লৈ কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে ক্ষোভ অসন্তুষ্টি।

উল্লেখ্য যে, বিজেপিক পৰাস্ত কৰাৰ উদ্দেশ্যে একত্ৰিত হোৱা বিৰোধীয়ে এই পৰ্যন্ত চাৰিখন বৈঠকত মিলিত হৈছে।     

Leave A Reply

Your email address will not be published.