ISHAN NEWS – Always One Step Ahead of Time…

কাজিৰঙাত উত্তপ্ত পৰিস্থিতি; ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ । ISHAN NEWS…

0 186

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। মাছ মাৰিবলৈ অহা এজন স্থানীয় লোকক বন বিভাগে প্ৰহাৰ কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে স্থানীয় লোকে।

ক্ষোভিত লোকে নহৰুবস্তিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

উল্লেখ্য যে, আজি পুৱাৰে পৰা বুঢ়াপাহাৰ বনাঞ্চলত মাছ মাৰিবলৈ নহৰুবস্তিত গোট খাইছিল বহু লোক। বনবিভাগে অনুমতি দিয়াৰ পিছতে দাফলং বিলত প্ৰৱেশ কৰিছিল স্থানীয় লোকসকল।

কিন্তু বিলত প্ৰৱেশ কৰাৰ পিছতে বন কৰ্মীয়ে এজন লোকক মূৰত প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়। গুৰুতৰভাৱে আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

এই ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে। অৱশেষত নগাঁও আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ বিষয়া উপস্থিত হৈ মাছ মৰাৰ অনুমতি দিয়াৰ পাছতেই পথ অৱৰোধ কাৰ্যসূচী উঠাই লয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

কলিয়াবৰ নহৰুবস্তিৰ ৰাইজক ১ ঘন্টাৰ বাবে দাফলং বিলত মাছ মৰাৰ অনুমতি প্ৰদান কৰা হৈছে।

ইফালে যদি বন বিভাগৰ কৰ্মীয়ে লোকজনক প্ৰহাৰ কৰাটো সত্য হয় তেন্তে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি বনাঞ্চলিক বিষয়াই মন্তব্য কৰে।

আনহাতে¸ ৰাঙলুত একত্ৰিত হৈ থকা লোকসকলক এই পৰ্যন্ত মৎস্য চিকাৰ কৰাৰ অনুমতি দিয়া নাই।

Leave A Reply

Your email address will not be published.