ISHAN NEWS – Always One Step Ahead of Time…

ভাৰত সীমান্তৰ গুৰুত্বপূৰ্ণ চহৰ দখল বিদ্ৰোহী গোটৰ; উত্তৰ-পূবলৈ শৰণাৰ্থীৰ সোঁত বোৱাৰ আশংকা

0 236

ভাৰতীয় সীমান্তৰ সমীপৰ ম্যানমাৰৰ গুৰুত্বপূৰ্ণ নদী বন্দৰ পালেটাৱা দখল কৰিছে বিদ্ৰোহী জোঁটে। ৰাখাইন প্ৰদেশৰ কলাদান নদীৰ পাৰৰ এই চহৰখনে ভাৰত আৰু বাংলাদেশৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

বিদ্ৰোহীৰ অধিগ্ৰহণৰ ফলত ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰে আৰ্থিক আৰু বাণিজ্যিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ইয়াৰ উপৰিও ইয়াৰ ফলত উত্তৰ-পূব ভাৰতলৈ শৰণাৰ্থীৰ নতুনকৈ আগমন ঘটিব বুলিও আশংকা কৰা হৈছে।

ম্যানমাৰৰ তিনি বিদ্ৰোহী সংগঠন ক্ৰমে ‘টাং নেশ্যনেল লিবাৰেশ্যন আৰ্মি’ (টিএনএলএ), ‘আৰাকান আৰ্মি’ (এএ) আৰু ‘ম্যানমাৰ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মি’ (এমএনডিএএ)ৰ মিত্ৰজোঁট ‘ব্ৰাদাৰহুড এলায়েন্স’এ নৱেম্বৰৰ তৃতীয় সপ্তাহৰ পৰাই দেশৰ সামৰিক জুন্টা চৰকাৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল।

এই অভিযানৰ নাম দিয়া হৈছে ‘অপাৰেচন ১০২৭’। বিদ্ৰোহীৰ আক্ৰমণৰ বাবে ইতিমধ্যেই দেশৰ আধা ভূখণ্ড চৰকাৰী বাহিনীৰ হাতৰ পৰা আঁতৰি গৈছে। উত্তৰ আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ শ্বান, চিন আৰু ছাগিয়াং প্ৰদেশৰ নাম এই তালিকাত আছে।

এইবাৰ যুদ্ধ আৰম্ভ হৈছে পশ্চিম ম্যানমাৰৰ ৰাখাইনত। যাক ‘ৰোহিংগাভূমি’ বুলিও জনা যায়।

ইফালে ‘ব্ৰাদাৰহুড এলায়েন্স’ৰ অন্তৰ্গত তিনিটা সংগঠনৰ উপৰি জুণ্টা বিৰোধী যুদ্ধত চামিল হৈছে বিদ্ৰোহী সংগঠন ‘চীন নেশ্যনেল আৰ্মি’ (চীএনএ) আৰু চাইনালেণ্ড ডিফেন্স ফ’ৰ্চ (চিডিএফ), ‘কাচিন লিবাৰেচন ডিফেন্স ফৰ্চ’ (কেএলডিএফ), পিপলছ ডিফেন্স ফ’ৰ্চ (পিডিএফ)।

সোমবাৰে বিদ্ৰোহী সংগঠন আৰাকান আৰ্মিয়ে কয় যে সীমান্তৰ স্থিতিশীলতাক লৈ প্ৰশ্ন উত্থাপন হ’লেও চুবুৰীয়া দেশসমূহৰ সৈতে সহযোগিতা কৰাৰ চেষ্টা অব্যাহত ৰাখিব। সংগঠনৰ মুখপাত্ৰ খিন থু খাই এটা বিবৃতিত কয়, ‘আমি পালেটাৱাৰ প্ৰশাসন আৰু আইন-শৃংখলাৰ দায়িত্ব ল’ম’।

কিন্তু ৰাখাইনত হোৱা পৰাজয় সন্দৰ্ভত ম্যানমাৰৰ জুন্টা চৰকাৰে এই পৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ইয়াৰ পূৰ্বে চীনৰ সীমান্তত থকা আন এখন গুৰুত্বপূৰ্ণ বাণিজ্যিক চহৰ লাকীক হেৰুওৱাৰ পিছতো তেওঁলোক নিমাত আছিল।

উল্লেখ্য যে, ম্যানমাৰৰ স্বঘোষিত গণতন্ত্ৰ সমৰ্থক চৰকাৰ ‘নেশ্যনেল ইউনিটি গভৰ্ণমেণ্ট’, জুন্টা বিৰোধী ৰাজনৈতিক দল ‘শ্বান ষ্টেট প্ৰগ্ৰেছ পাৰ্টি’য়েও বিদ্ৰোহী সশস্ত্ৰ সংগঠনৰ কাৰ্যকলাপৰ সমৰ্থন কৰিছে।

দেশখনত দেখা দিয়া গৃহযুদ্ধৰ ফলত লাখ-লাখ লোক আশ্ৰয়হীন হৈ পৰিছে আৰু তেওঁলোকে উপায়হীন হৈ উত্তৰ-পূব ভাৰতৰ মিজোৰাম ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰিছে।

এই পৰিস্থিতিত ডিচেম্বৰৰ আৰম্ভণিতে চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) একাংশ উচ্চ পদস্থ বিষয়াই যুদ্ধবিৰতি সক্ৰিয় কৰে। কিন্তু ‘ব্ৰাদাৰহুড এলায়েন্স’ এ চীনৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰিছিল।

ইফালে দক্ষিণ-পূব এছিয়াৰ একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে বিদ্ৰোহী মিত্ৰজোঁটে জন্টা সেনাবাহিনীক আক্ৰমণ কৰিবলৈ “ব্ৰিগেড ৬১১” নামৰ এটা বাহিনী গঠন কৰিছিল। এয়া দেশৰ বিভিন্ন প্ৰান্তৰ লোকেৰে গঠিত সেনাবাহিনী। বৰ্তমান যুঁজত তেওঁলোক আগৰণুৱা।

প্ৰসংগক্ৰমে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰৰ গণতন্ত্ৰ সমৰ্থক নেত্ৰী আং ছান ছু কিৰ দল নেচনেল লীগ ফৰ ডেম’ক্ৰেচি নেতৃত্বাধীন চৰকাৰক উৎখাত কৰি ম্যানমাৰ সেনাই হস্তগত কৰিছিল ক্ষমতা।

Leave A Reply

Your email address will not be published.