ISHAN NEWS – Always One Step Ahead of Time…

ক্ৰিকেটৰ বাবে এৰিছিল ছিকিউৰিটি গাৰ্ডৰ চাকৰি; অভিষেক মেচতে দৃষ্টি কাঢ়িলে এইগৰাকী ক্ৰিকেটাৰে

0 214

মানুহৰ প্ৰবল ইচ্ছাশক্তিৰ আগত কোনো ধৰণৰ বাধাই তিষ্ঠি থাকিব নোৱাৰে৷ চেষ্টাৰ ত্ৰুটী নহ’লে কোনো প্ৰচেষ্টাই সমাদৰ নেহেৰুৱায়৷ মানুহৰ আনন্দ সাফল্যত নহয়, প্ৰচেষ্টাতহে৷ এই কথাকেই প্ৰমাণ কৰি দেখুৱালে ৱেষ্ট ইণ্ডিজৰ এজন ক্ৰিকেটাৰে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিষেক টেষ্ট মেচত এই ক্ৰিকেটাৰগৰাকীয়ে পাঁচটা উইকেট দখল কৰি বিশেষ চৰ্চা লাভ কৰিছে। ক্ৰিকেটাৰগৰাকী হৈছে শ্বামাৰ জোছেফ।

টেষ্ট কেৰিয়াৰৰ প্ৰথম ইনিংছতে লাভ কৰা এই ঈৰ্ষণীয় সাফল্যৰ আঁৰত আছে বহু কাহিনী। বহু ত্যাগ, কষ্টৰ বিনিময়ত আহিছে এই প্ৰাপ্তি।

জানিব পৰা মতে, ক্ৰিকেটত অধিক মনোনিৱেশ কৰিবলৈ জোছেফে এবছৰ পূৰ্বে এৰিছিল চিকিউৰিটি গাৰ্ডৰ চাকৰি।

ক্ৰিকবাজৰ এটা ৰিপৰ্ট অনুসৰি তেওঁ কয়, ‘মই এটা কোম্পানীৰ বাবে চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰি আছিলো। ১২ ঘণ্টীয়া আছিল এটা ছিফ্ট। দিনৰ পৰা ৰাতিলৈকে চলিছিল ডিউটি। ইয়াৰ বাবে ক্ৰিকেট খেলিব পৰা নাছিলো। সেয়ে চাকৰি এৰি দিলো‘।

কেৰিবিয়ান দ্বীপপুঞ্জৰ গায়ানা দ্বীপৰ বাৰাকাৰ নামৰ এখন দুৰ্গম গাঁৱত জন্মগ্ৰহণ কৰিছিল জোছেফে। পাঁচজন ভাতৃ আৰু তিনিজন ভগ্নীৰ এটা ডাঙৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল তেওঁ।

২০২৩ চনলৈকে তেওঁ খেলা নাছিল কোনো প্ৰতিযোগিতামূলক ক্ৰিকেট। জোছেফে জন্মগ্ৰহণ কৰা গাঁওখনত ২০১৮ চনলৈকে নাছিল ফোন বা ইণ্টাৰনেট। এই সকলোবোৰ সুবিধা ল’বলৈ কৰিবলগীয়া হৈছিল নাৱেৰে দুদিন যাত্ৰা।

প্ৰথম অৱস্থাত জোছেফে খেলিছিল টেপ বল ক্ৰিকেট। গাঁওখনত খুব কম সংখ্যক ঘৰতহে টিভি আছিল আৰু সেই টিভিতে তেওঁ চাইছিল কাৰ্টলী এম্ব্ৰ’জ আৰু কৰ্টনী ৱালছৰ খেল।

জোছেফৰ পৰিয়ালটো আছিল অত্যন্ত দুখীয়া। পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈয়ে তেওঁ এটা কোম্পানীত নিৰাপত্তাৰক্ষী হিচাপে যোগ দিছিল। কিন্তু ক্ৰিকেটৰ প্ৰতি থকা প্ৰেম আৰু কিবা এটা কৰি দেখুওৱাৰ অদম্য ইচ্ছাশক্তিৰ বাবেই তেওঁ চাকৰি এৰি ক্ৰিকেটত অধিক মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয়।

২০২৩ চনত তেওঁ প্ৰথমবাৰৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলে। গুয়েনা হাৰ্পি ঈগলছত স্থান লাভ কৰা শ্বামাৰে সেইটো বৰ্ষত তিনিখন মেচত ৯টা উইকেট দখল কৰে। প্ৰথম শ্ৰেণীত দেখুওৱা উজ্জীৱিত প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰিছিল নিৰ্বাচকৰ। আৰু অৱশেষত শ্বামাৰে লাভ কৰিলে ৱেষ্ট ইণ্ডিজ দলত স্থান।

প্ৰথমে তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজ এ দলত স্থান লাভ কৰিছিল। সেই শৃংখলাত তেওঁ সৰ্বাধিক উইকেট দখল কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে তেওঁ এইবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত স্থান লাভ কৰিলে।

বুধবাৰৰ পৰা আৰম্ভ হৈছে অষ্ট্ৰেলিয়া বনাম ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন টেষ্ট। এডিলেইডত অনুষ্ঠিত হোৱা এই মেচখনতেই অভিষেক ঘটিল শ্বামাৰ জোছেফৰ।

বলিঙেৰে বিশ্ববাসীৰ দৃষ্টি কঢ়াৰ পূৰ্বে তেওঁ দেখুৱাইছিল বেটিঙেৰে চমক। ১১ নম্বৰত বেটিং কৰিবলৈ অহা জোছেফে ৩৬ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল আৰু সেই ইনিংছৰ সহায়তে সংকটত পৰা ৱেষ্ট ইণ্ডিজ দলে ১৮৮ ৰানত সামৰিছিল প্ৰথম ইনিংছ।

ৱেষ্ট ইণ্ডিজৰ ইনিংছৰ অন্তত অষ্ট্ৰেলিয়াই আৰম্ভ কৰে নিজৰ প্ৰথম ইনিংছ। প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ হৈ অপেনিং কৰিবলৈ আহে ষ্টিভ স্মিথ। টেষ্ট ক্ৰিকেটত ১০ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰা সেই ষ্টিভ স্মিথকে আউট কৰি নিজৰ প্ৰথমটো উইকেট দখল কৰে জোছফে। জোছেফৰ বাবে এই উইকেটটো হৈ ৰ’ব স্মৰণীয় কিয়নো সেইটো আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো বল।

জোছেফৰ পাঁচটা উইকেটৰ বিপৰীতে কেমাৰ ৰোচ আৰু জাষ্টিন গ্ৰিয়েভছে দুটা আৰু আলজাৰি জোছেফে এটা উইকেট লাভ কৰে। অষ্ট্ৰেলিয়াই নিজৰ প্ৰথম ইনিংছ ২৮৩ ৰানত সামৰে।

Leave A Reply

Your email address will not be published.