ISHAN NEWS – Always One Step Ahead of Time…

প্ৰতিদিনে গা ধুলে হ’ব পাৰে গুৰুতৰ ক্ষতি !

0 248

পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিবলৈ দিনটোত বহুবাৰ গা ধোৱে নেকি? শীতকালতো বহু লোকে এদিনত বহুবাৰ গা ধোৱে। আপুনি পৰিষ্কাৰ হৈ থকাৰ বাবে বেমাৰবোৰ ওচৰলৈ নাহে বুলি ভাবিছে নেকি? এই ধাৰণা ভুল প্ৰমাণিত কৰি ছালৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে গা নোধোৱা মানে অপৰিষ্কাৰ বুলি ভবাৰ কোনো  কাৰণ নাই।আমাৰ ছালত বহু‌তো বেক্টেৰিয়া থাকে যিবোৰ আচলতে যথেষ্ট উপকাৰী। প্ৰতিদিনে গা ধুলে সেই সকলোবোৰ বেক্টেৰিয়া মৰি যায়।ফলত ছালৰ ক্ষতি হয়। সংক্ৰমণৰ সম্ভাৱনাও বাঢ়ি যায়।বহুতৰে দিনটোত কেইবাবাৰো গা ধুই থকাৰ প্ৰৱণতা থাকে। কিন্তু এই অভ্যাসৰ বাবেই ছালত তেলৰ স্বাভাৱিক নিঃসৰণ বন্ধ হৈ যায়।ফলত ছালখন অধিক শুকান হৈ পৰে, খজুৱতি আৰম্ভ হয়। অতিৰিক্ত ক্ষাৰকযুক্ত চাবোন ব্যৱহাৰ কৰিলে এই সকলোবোৰ সমস্যা আৰু বেছি বেয়া হয়।

Leave A Reply

Your email address will not be published.