কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত; ২২ জানুৱাৰীত দুপৰীয়া ২.৩০ বজালৈ বন্ধ থাকিব সকলো কাৰ্যালয়
অহা ২২ জানুৱাৰী অৰ্থাৎ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত সমগ্ৰ দেশতে অৰ্ধ ছুটীৰ ঘোষণা কৰিছে। পুৱাৰে পৰা দুপৰীয়া ২.৩০ বজালৈ সমগ্ৰ দেশৰ চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ থাকিব।
দেশৰ জনসাধাৰণে ৰাম লালাৰ অভিষেকৰ লাইভ সম্প্ৰচাৰণ যাতে চাব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনা জাৰি কৰিছে।
অযোধ্যাত ‘ৰাম লালা প্ৰাণ প্ৰতিষ্ঠা’ৰ প্ৰতি লক্ষ্য ৰাখি ২২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যালয় আধা দিন বন্ধ থাকিব বুলি ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে।
ৰাম মন্দিৰ সন্দৰ্ভত সকলো মন্ত্ৰীৰ পৰা প্ৰতিক্ৰিয়া গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ২২ জানুৱাৰীত মন্ত্ৰীসকলক নিজৰ নিজৰ ঘৰত চাকি জ্বলাই দৰিদ্ৰ লোকৰ মাজত খাদ্য বিতৰণ কৰিবলৈ আহ্বান জনাইছে।
২২ জানুৱাৰিৰ দিনটো দীপাৱলীৰ দৰে উদযাপন কৰিবলৈও মন্ত্ৰীসকলক আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে মন্ত্ৰীসকলক ২২ জানুৱাৰীৰ পিছত নিজ নিজ সংসদীয় সমষ্টিৰ পৰা মানুহক অযোধ্যালৈ ৰে’লযোগে প্ৰেৰণ কৰিবলৈও কয়।