কোনো দল যাওক বা নাযাওক মই নিশ্চয় যাম : হৰভজন সিং । ISHAN NEWS…
দেশবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকা বিষেশ ক্ষণ তথা দিনটো সমাগত। অহা ২২ জানুৱাৰীত অযোধ্যাস্থিত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। ইয়াক লৈ অযোধ্যাত চলি আছে ব্যাপক প্ৰস্তুতি।
এই ঐতিহাসিক দিনটোৰ সাক্ষী হ’বলৈ মন্দিৰ ট্ৰাষ্টে বিভিন্ন ৰাজনৈতিক দলৰ লগতে দেশৰ জনপ্ৰিয় ব্যক্তিসকলক আমন্ত্ৰণ জনাইছে।
কংগ্ৰেছসহ আন কেইবাটাও বিৰোধী ৰাজনৈতিক দলে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা বিজেপিৰ কাৰ্যসূচী বুলি মন্তব্য কৰি উপস্থিত নথকাৰ সিদ্ধান্ত লৈছে।
কিন্তু ইয়াৰ মাজতে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ অন্যতম সদস্য আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কংগ্ৰেছ দলে প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত অংশ নোলোৱাৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হৰভজন সিঙে কয়, ‘আমাৰ সময়ত এই মন্দিৰটো নিৰ্মাণ হৈ থকাটো আমাৰ সৌভাগ্য, সেয়ে আমি সকলোৱে গৈ আশীৰ্বাদ লোৱা উচিত। কোনো দল যাওক বা নাযাওক মই নিশ্চয় যাম… মই ৰাম মন্দিৰ যোৱাত যদি কাৰোবাৰ কিবা আপত্তি আছে, তেওঁলোকে যি কৰে কৰিব পাৰে, কাৰণ মই যামেই’।
উল্লেখ্য যে, ২২ জানুৱাৰীৰ দুপৰীয়া ১২:৩০ বজাত অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি ৬০০০ গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে ৪০০০ সাধু।