ভাৰতৰে শত্ৰুতা ৰাষ্ট্ৰপতিৰ! প্ৰাণ গ’ল এটি ১৪ বছৰীয়া নিষ্পাপ শিশুৰ
ভাৰতৰ সৈতে চলি থকা বিবাদৰ মাজতে মালদ্বীপৰ পৰা আহিছে এক হৃদয় বিদাৰক খবৰ। এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি ৰাষ্ট্ৰপতি মুইজ্জুৰ হঠকাৰীতাৰ বাবে এটা শিশুৰ মৃত্যু হৈছে।
মালদ্বীপৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে সংকটজনকভাৱে অসুস্থ শিশুটিক বিমানেৰে লৈ যোৱাৰ বাবে ভাৰতে প্ৰদান কৰা ডৰ্নিয়াৰ বিমান ব্যৱহাৰ কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে। আৰু ইয়াৰ পিছতে অৰ্থাত শনিবাৰে ১৪ বছৰীয়া শিশুটিৰ মৃত্যু হয়।
তথ্য অনুসৰি শিশুটিৰ ব্ৰেইন টিউমাৰ হৈছিল আৰু ষ্ট্ৰোক হৈছিল। শিশুটিৰ অৱস্থা সংকটজনক হৈ পৰাত পৰিয়ালৰ লোকে বুধবাৰে নিশাৰ ভাগৰ পৰা গাফ আলিফ ভিলিংগিলিৰ ঘৰৰ পৰা ৰাজধানী মালেলৈ নিবলৈ এয়াৰ এম্বুলেন্সৰ অনুৰোধ জনায়।
মালদ্বীপৰ সংবাদ মাধ্যমৰ মতে, শিশুটিৰ পৰিয়ালৰ অভিযোগ যে কৰ্তৃপক্ষই তাৎক্ষণিক চিকিৎসা প্ৰদান কৰাত ব্যৰ্থ হয়।
মালদ্বীপৰ সংবাদ মাধ্যমে জনাইছে যে ষ্ট্ৰোক হোৱাৰ লগে লগে পৰিয়ালৰ লোকে আইলেণ্ড এভিয়েশনক শিশুটিক মালেলৈ লৈ যাবলৈ ফোন কৰিছিল, কিন্তু ফোনকলৰ কোনো উত্তৰ পোৱা নাছিল। বৃহস্পতিবাৰে পুৱা ৮:৩০ বজাতহে তেওঁলোকে ফোন ৰিচিভ কৰে।
শিশুটিৰ পিতৃয়ে জনোৱা মতে, এনে ক্ষেত্ৰত এয়াৰ এম্বুলেন্সৰ প্ৰয়োজন হয়, কিন্তু এয়াৰ এম্বুলেন্স নথকাৰ বাবে ১৬ ঘণ্টা পলমকৈ শিশুটিক মালেলৈ অনা হয়।
শিশুটিৰ মৃত্যু সন্দৰ্ভত মন্তব্য কৰি মালদ্বীপৰ সাংসদ মাইকেল নাছিমে কয় যে ভাৰতৰ প্ৰতি থকা ৰাষ্ট্ৰপতিৰ শত্ৰুতাৰ বাবে মানুহৰ জীৱন যোৱাটো অসহ্যকৰ।