ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে ইংলেণ্ড দলত মোক্ষম আঘাত
ভাৰতৰ বিৰুদ্ধে ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ৫খন টেষ্ট মেচৰ শৃংখলাৰ পূৰ্বে ইংলেণ্ড দলটোৱে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ইংলেণ্ডৰ তাৰকা বেটছমেন হেৰী ব্ৰুক ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অংশ নহ’ব।
ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে এক বিবৃতি প্ৰকাশ কৰি কয় যে ব্যক্তিগত কাৰণত হেৰী ব্ৰুক ইংলেণ্ডলৈ ঘূৰি আহিছে আৰু তেওঁ পুনৰ ভাৰতলৈ নাহে টেষ্ট শৃংখলা খেলিবলৈ।
হেৰী ব্ৰুকৰ ঠাইত কোন খেলুৱৈক অন্তৰ্ভুক্ত কৰিব সেয়া এতিয়া ইচিবিয়ে ঘোষণা কৰা নাই।
ইচিবিয়ে এক বিবৃতিত কয়, ‘ব্যক্তিগত কাৰণত হেৰী ব্ৰুক ইংলেণ্ডলৈ উভতি আহিছে আৰু তেওঁ ভাৰত ভ্ৰমণত দলৰ অংশ নহ’ব। টেষ্ট শৃংখলা খেলিবলৈ ভাৰতলৈ উভতি নাহে হেৰী ব্ৰুক। এই কঠিন সময়ত ব্ৰুক পৰিয়ালে গোপনীয়তা বজাই ৰাখিবলৈ আবেদন জনাইছে’।
উল্লেখ্য যে, ইংলেণ্ডৰ মিডল অৰ্ডাৰৰ অন্যতম বিধ্বংসী খেলুৱৈ হেৰী ব্ৰুক। টেষ্ট ক্ৰিকেটত অভিষেক ঘটোৱাৰ পিছৰে পৰা ব্ৰুক অহৰহ চৰ্চাৰ বিষয় হৈ আহিছে আৰু তেওঁক ক্ৰিকেট জগতৰ পৰৱৰ্তী ডাঙৰ তাৰকা হিচাপে গণ্য কৰা হৈছে।
ব্ৰুকে এই পৰ্যন্ত ১২খন টেষ্ট মেচ খেলি ১১৮১ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত ব্ৰুক’ৰ গড় হৈছে ৬২.১৬। কেৱল এয়াই নহয়, তেওঁ ৪টা শতক আৰু ৭টা অৰ্ধশতক অৰ্জন কৰিছে।
শেহতীয়াকৈ আই পি এলৰ ১৭ সংখ্যক ছিজনৰ বাবে দিল্লী কেপিটেলছে ৪ কোটি টকা বিনিয়োগ কৰি হেৰী ব্ৰুকক ক্ৰয় কৰিছিল।