ISHAN NEWS – Always One Step Ahead of Time…

আমলখি, আঙুৰ খালেও হ’ব পাৰে বিপদ? কেতিয়া, ক’ত জানি থওঁক। ishan news

0 230
This image has an empty alt attribute; its file name is sarka-babicka-1024x768.jpg

সুস্থ হৈ থাকিবলৈ ফল-মূল খোৱাটো অতি প্ৰয়োজন। যিকোনো ঋতুতে ফিট হৈ থাকিবলৈ ফল-মূল খাব লাগে। শীতকালত বিভিন্ন সংক্ৰমণৰ আশংকা বেছি। ইয়াৰ পৰা হাত সাৰিবলৈ ছাইট্ৰাছ জাতীয় ফল খোৱাটো গুৰুত্বপূৰ্ণ।ইয়াত ভিটামিন চি থাকে যিয়ে যিকোনো ধৰণৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে। কিন্তু কিছুমান খাদ্যৰ লগত ছাইট্ৰাছ জাতীয় ফল খাব নোৱাৰি। অন্যথা হিতে বিপৰীত হ’ব পাৰে।

১) ছাইট্ৰাছ যুক্ত ফলৰ লগত প্ৰ’টিনযুক্ত খাদ্য নাখালে ভাল। ফলৰ শৰ্কৰা প্ৰ’টিনৰ সৈতে শৰীৰত প্ৰৱেশ কৰি হজম হোৱাত বাধাৰ সৃষ্টি কৰিব পাৰে।

২) টেঙা ফলৰ সৈতে দুগ্ধজাত সামগ্ৰী নাখালে ভাল। কমলা, আমলখি, আনাৰস আদি ছাইট্ৰাছ ফলৰ সৈতে দৈ, গাখীৰ খাব নালাগে। অন্যথা পেটৰ সমস্যা হ’ব পাৰে।

৩) আলু, ৰুটিত চেনিৰ পৰিমাণ বেছি। এইসমূহৰ লগত টেঙা খালে সমস্যাৰ সৃষ্টি হ’ব পাৰে। গেছ আৰু পেটৰ বিষ, বুকু জ্বলা-পোৰা কৰিব পাৰে।

Leave A Reply

Your email address will not be published.