ISHAN NEWS – Always One Step Ahead of Time…

ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক পদক বিজয়ী মেৰী কমে ল’লে অৱসৰ ishan news…

0 142

অলিম্পিক পদক জয়ী মেৰী কমক আৰু দেখা পোৱা নাযাব বক্সিং ৰিঙত। তেওঁ বক্সিঙৰ পৰা অৱসৰ ঘোষণা কৰিছে। বক্সাৰগৰাকীয়ে নিজেই এই কথা ঘোষণা কৰে।

ছয়বাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ লগতে মেৰীকমে ২০১২ চনৰ অলিম্পিকত পদক জয় লাভ কৰিছিল।

উল্লেখ্য যে বয়সৰ বাবেই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বক্সাৰগৰাকীয়ে অৱসৰ ল’বলগীয়া হয়। বৰ্তমান তেওঁৰ বয়স ৪১। ইণ্টাৰনেশ্যনেল বক্সিং এছ’চিয়েশ্যনে (আই বি এ) পুৰুষ আৰু মহিলা বক্সাৰক ৪০ বছৰ বয়সলৈকেহে প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি দিয়ে।

এটা অনুষ্ঠানত বক্সাৰগৰাকীয়ে কৈছিল যে মোৰ এতিয়াও যুঁজ দি জয়ী হোৱাৰ ভোক আছে। মই আৰু খেলিব বিচাৰো। কিন্তু মোৰ বয়সৰ বাবে মোক খেলিবলৈ দিয়া হোৱা নাই। মই অসহায়। ই দুৰ্ভাগ্যজনক। সেয়ে মই অৱসৰৰ সিদ্ধান্ত ল’ব লগা হৈছে। অৱশ্যে মই মোৰ কেৰিয়াৰৰ সকলোখিনি অৰ্জন কৰিছো।

বক্সিং ইতিহাসত বহু অভিলেখ সৃষ্টি কৰিছে মেৰী কমে। মেৰী কম হৈছে বিশ্বৰ প্ৰথমগৰাকী মহিলা বক্সাৰ যিয়ে ৬বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছে।

একে সময়তে ২০১৪ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মেৰী কম। ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

অসাধাৰণ সফলতাৰ বাবে ২০০৬ চনত মেৰী কমক পদ্মশ্ৰী বঁটা আৰু ২০০৯ চনত দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটাও লাভ কৰে।    

Leave A Reply

Your email address will not be published.