ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ মাল্টি ভিটামিন গ্ৰহণ কৰে নেকি?কি কি নিয়ম মানি নল’লে পৰিব পাৰে বিপদত ?
প্ৰায়ে শৰীৰৰ পুষ্টিৰ বাবে মানুহে ভিটামিন আৰু বিভিন্ন ধৰণৰ চাপ্লিমেন্ট খোৱা দেখা যায়। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ভিটামিন আৰু চাপ্লিমেন্ট বন্ধ কৰিব লাগে বা একেলগে খাব নালাগে সেয়া জানি থওঁক।
১)মেগনেছিয়ামৰ সৈতে কেলচিয়াম বা মাল্টিভিটামিন -মেগনেছিয়ামৰ চাপ্লিমেন্ট খালে তাৰ লগত কেলচিয়ামৰ বা মাল্টিভিটামিন খাবলৈ নাপাহৰিব। মেগনেছিয়ামৰ পৰিপূৰকে মন শান্ত কৰে,পেশীবোৰ শিথিল কৰে, অৱশ্যে কেলচিয়াম বা মাল্টিভিটামিন লগত খালে কোনো লাভ নহ’ব।যদি দুটা ড’জ ল’বলগীয়া হয় তেনেহ’লে ইয়াৰ মাজত কমেও দুঘন্টা সময় ৰাখিব লাগে।
২) ভিটামিন ডি আৰু কে- বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন ই আৰু কে কেপচুলৰ লগত ভিটামিন ডি কেপচুল সেৱন কৰিলে শৰীৰত ভিটামিন ডিৰ শোষণ হ্ৰাস পায়।এই ঔষধবোৰ অকলে খোৱাৰ মাজত কমেও দুঘন্টাৰ ব্যৱধান ৰখাটো জৰুৰী।
৩)তাম আৰু জিংক-শৰীৰত তামৰ অভাৱত যদি কোনোবাই তামৰ পৰিপূৰক গ্ৰহণ কৰে, তেন্তে জিংক পৰিপূৰক সেৱন নকৰাটো ভাল।জিংকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, কিন্তু যেতিয়া ই তামসহ শৰীৰত প্ৰৱেশ কৰে, তেতিয়া ইয়াৰ বিপৰীত কাম কৰে। দুয়োটা খনিজ পদাৰ্থই শৰীৰে ভালদৰে শোষণ কৰিব নোৱাৰে।
৪)আইৰণ আৰু গ্ৰীণ টি-শৰীৰ সৱল কৰি ৰাখিবলৈ গ্ৰীণ টি সেৱন কৰা হয়। কিন্তু এই চাহ আইৰণৰ পৰিপূৰক খাদ্যৰ সৈতে খোৱাটো একেবাৰেই ভাল নহয়।শৰীৰত আইৰণৰ শোষণ কমি যায়।
৫) ভিটামিন চি আৰু বি১২-এই দুটা ভিটামিন একেলগে খালে শৰীৰৰ কোনো উপকাৰ নহয়। ভিটামিন চিয়ে ভিটামিন বি১২ ভাঙি পেলায়।ফলত ভিটামিন ১২ তেজত শোষণ কৰিব নোৱাৰে। গতিকে এই দুটা ভিটামিন গ্ৰহণৰ মাজত কমেও দুঘন্টা সময় ৰাখিব লাগে।