ISHAN NEWS – Always One Step Ahead of Time…

ভাৰতীয় নৌসেনাই বচালে ১৯ গৰাকী পাকিস্তানীৰ প্ৰাণ; জলদস্যুৰ পৰা উদ্ধাৰ জাহাজ

0 6,198

ভাৰতীয় নৌসেনাৰ পুনৰ সফলতা। আৰব সাগৰত ভাৰতৰ নৌসেনাই ইৰাণৰ পতাকা থকা এখন জাহাজ ছোমালিয়াৰ জলদস্যুৰ পৰা সফলতাৰে উদ্ধাৰ কৰিছে। অৱশ্যে জলদস্যুৰ সৈতে কোনো সংঘৰ্ষ হৈছে নেকি তাৰ কোনো খবৰ পোৱা হোৱা নাই।

অস্ত্ৰ-শস্ত্ৰধাৰী জলদস্যুই জাহাজখন অপহৰণ কৰিছিল। এই খবৰ লাভ কৰাৰ পিছতে ভাৰতীয় নৌসেনাই জাহাজখন মুক্ত কৰি জাহাজখনত থকা ১৯ জন সদস্যক উদ্ধাৰ কৰে।

প্ৰাপ্ত খবৰ অমুসৰি জাহাজখনত থকা প্ৰতিগৰাকী সদস্য আছিল পাকিস্তানৰ।

ভাৰতীয় নৌসেনাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি এই অভিযান সন্দৰ্ভত তথ্য প্ৰদান কৰে। যুদ্ধজাহাজ আই এন এছ সুমিত্ৰাই এই অভিযান চলাইছিল।

নৌসেনাৰ মুখপাত্ৰই টুইটাৰত পোষ্ট কৰি কয় যে আল নাইম নামৰ এখন জাহাজ (মাছ ধৰা জাহাজ)ৰ পৰা সহায়ৰ বাবে অনুৰোধ জনোৱা হৈছিল। সেই সময়ত অপহৰণ কৰা জাহাজখনৰ সমীপত যুদ্ধজাহাজ আই এন এছ সুমিত্ৰাৰ উপস্থিতি আছিল। লগে লগে সুমিত্ৰাক জলদস্যুৰ কৱলৰ পৰা জাহাজখন মুক্ত কৰিবলৈ পঠিওৱা হৈছিল।

হাইজেক কৰা জাহাজখনৰ ছবিও ভাৰতীয় নৌসেনাই শ্বেয়াৰ কৰিছে। ইয়াত অস্ত্ৰধাৰী ডকাইতে জাহাজখন দখল কৰা দেখা যায়। দ্বিতীয় ছবিখনত জাহাজখনৰ ওপৰত এখন নৌসেনাৰ হেলিকপ্টাৰ দেখা গৈছে। তৃতীয়খন ফটোত নৌসেনাৰ কমাণ্ডোৰ আগত ডকাইতিৰ আত্মসমৰ্পণ কৰা দেখা গৈছে।

জাহাজখনত আছিল ১১ জন ছোমালিয়ান জলদস্যু। জাহাজখন কোচিৰ পৰা পশ্চিমে দক্ষিণ আৰব সাগৰত আছিল।

উল্লেখ্য যে, শেহতীয়াকৈ আই এন এছ সুমিত্ৰাই আন এখন ইৰাণৰ জাহাজ (মাছ ধৰা জাহাজ) জলদস্যুৰ পৰা মুক্ত কৰি জহাজখনত থকা সদস্যসকলৰ জীৱন ৰক্ষা কৰিছিল।

Leave A Reply

Your email address will not be published.