ISHAN NEWS – Always One Step Ahead of Time…

দ্বিশতক অৰ্জনেৰে যশস্বী জয়ছোৱালে ৰচিলে ইতিহাস, ভংগ তেণ্ডুলকাৰৰ অভিলেখ

0 6,596

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা দ্বিতীয়খন টেষ্ট মেচত ইতিহাস ৰচিছে যশস্বী জয়ছোৱালে। টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বিশতক অৰ্জন কৰি বিশ্ব ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰিছে জয়ছোৱালে।

উল্লেখ্য যে জয়ছৱালে দ্বিশতক সম্পূৰ্ণ কৰাৰ লগে লগে তেওঁ এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২৩ বছৰ বয়সৰ পূৰ্বে সৰ্বাধিক ৰানৰ ইনিংছ খেলা তৃতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে জয়ছোৱাল।

ইয়াৰ উপৰি তেওঁ ২৩ বছৰ বয়সৰ পূৰ্বে টেষ্টত দ্বিশতক অৰ্জন কৰাও তৃতীয় ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত যশস্বীয়ে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিছে।

২৩ বছৰ বয়সৰ পূৰ্বে ভাৰতীয় বেটছমেনে কৰা সৰ্বাধিক টেষ্ট স্ক’ৰ

২২৭ – বিনোদ কাম্বলি

২২৪ – বিনোদ কাম্বলি

২২০ – সুনীল গাভাস্কৰ

২০৯  – যশস্বী জয়ছোৱাল

১৭৯ – শচীন তেণ্ডুলকাৰ

২৩ বছৰ বয়সৰ পূৰ্বে সৰ্ববৃহৎ ইনিংছ খেলাৰ অভিলেখ বিনোদ কাম্বলিৰ নামত। কাম্বলিয়ে ২২৭ আৰু ২২৪ ৰানৰ ইনিংছ খেলিছিল। একে সময়তে সুনীল গাভাস্কাৰেও ২৩ বছৰ বয়সৰ পূৰ্বে টেষ্টত ২২০ ৰানৰ ইনিংছ খেলিছিল।

Leave A Reply

Your email address will not be published.