ISHAN NEWS – Always One Step Ahead of Time…

পঞ্জাৱৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতৰ পদত্যাগ; হঠাৎ কিয় ল’লে এই সিদ্ধান্ত?

0 210

পঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড়ৰ প্ৰশাসক বানৱাৰীলাল পুৰোহিতে শনিবাৰে নিজ পদৰ পৰা পদত্যাগ কৰে। তেওঁ এই পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে তেওঁ ব্যক্তিগত কাৰণৰ বাবে এই সিদ্ধান্ত লৈছে।

পদত্যাগ পত্ৰখনত লিখিছে, ‘ব্যক্তিগত কাৰণ আৰু অন্যান্য প্ৰতিশ্ৰুতিৰ বাবে মই পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক হিচাপে পদত্যাগ কৰিছো। অনুগ্ৰহ কৰি গ্ৰহণ কৰিব’।

ইয়াৰ পূৰ্বে ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত তামিলনাডুৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৮৩ বছৰীয়া বানৱাৰী লাল পুৰোহিতে। ২০১৬-২০১৭ বৰ্ষৰ ভিতৰত অসমৰ ৰাজ্যপালৰ দায়িত্বও পালন কৰিছিল।

২০২১ চনৰ আগষ্ট মাহত তেওঁ পঞ্জাৱৰ ২৯ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল। তিনি বছৰ ছয় মাহৰ মূৰত তেওঁ পদৰ পৰা পদত্যাগ কৰে।

কংগ্ৰেছৰ পৰা দুবাৰ লোকসভাৰ সাংসদ হোৱা পুৰোহিতে পিছত বিজেপিত যোগদান কৰি দলটোৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। ১৯৯৬ চনত তেওঁ পুনৰবাৰ বিজেপিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।

উল্লেখ্য যে, ৰাজ্যপাল পুৰোহিত আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মাজত সংঘাত সৰ্বজনবিদিত। বিধেয়ক অনুমোদন নিদিয়াক লৈ ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে মান চৰকাৰে কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। চৰকাৰৰ সৈতে সম্বন্ধ বেয়াৰ ফালে ঢাল খোৱা কাৰণেই ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰা বুলি আশংকা কৰা হৈছে।

Leave A Reply

Your email address will not be published.