ISHAN NEWS – Always One Step Ahead of Time…

পুনম পাণ্ডেৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগে,পুনমৰ শাস্তিৰ দাবী বিধায়কৰ

0 421

মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰ কৰি ভুল কৰিলে পুনম পাণ্ডেই। তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে। মহাৰাষ্ট্ৰৰ বিধায়ক সত্যজিত তাম্বেই এই সন্দৰ্ভত মুম্বাই আৰক্ষীক জনায় আবেদন। তেওঁৰ মতে, মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰ কৰি পুনমে যি কৰিছে সেয়া শাস্তিযোগ্য অপৰাধ।শুক্ৰবাৰে পুৱা মডেল, অভিনেত্ৰী পুনম পাণ্ডেৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰকাশ পাইছে যে ৩২ বছৰীয়া অভিনেত্ৰীগৰাকীৰ ছাৰ্ভাইকেল কেন্সাৰত মৃত্যু হৈছে।তাৰ এদিন পিছত শনিবাৰে পুনমে এটা ভিডিঅ’ যোগে কয় যে তেওঁ জীয়াই আছে।এই গোটেই কথাটো আচলতে কেৱল ছাৰ্ভাইকেল কেন্সাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰচাৰ কৌশল।যদিও মিছাৰ আশ্ৰয় লোৱাৰ বাবে ক্ষমা খুজিছিল।তাম্বেৰ মতে,এই কাৰ্যৰ বাবে পুনমক শাস্তি দিয়া উচিত। তেওঁৰ মতে পুনমৰ অনুগামীসকলে নিজৰ প্ৰচাৰৰ বাবে এনে সহজ পথ বাছি ল’ব।তাম্বেৰ মতে, ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি বন্ধ কৰিবলৈ আৰক্ষীৰ ব্যৱস্থা অতি প্ৰয়োজনীয়।তাম্বেই দাবী কৰে যে পুনমৰ এই পোষ্টে সকলোকে বিপথে পৰিচালিত কৰিছে। তেওঁৰ মতে মৃত্যুৰ এই ভুৱা বাতৰিৰ জৰিয়তে কোনো সজাগতা সৃষ্টি নহ’ল।বৰং মানুহে ভয় খালে।

Leave A Reply

Your email address will not be published.