ISHAN NEWS – Always One Step Ahead of Time…

‘বন্ধ কৰি দিব লাগে ৰঞ্জী ট্ৰফী…’, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে উজাৰিলে ক্ষোভ । ISHAN NEWS…

0 5,532

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ক্ৰিকেট জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাক্তন ক্ৰিকেটাৰজনে ৰঞ্জী ট্ৰফী বিলুপ্ত কৰিব লাগে বুলি ছ’চিয়েল মিডিযাৰ জৰিয়তে ক্ষোভ উজাৰিছে।

মনোজ তিৱাৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে যিটো সম্প্ৰতি ব্যাপক ৰূপত ভাইৰেল হৈ আছে।

প্ৰাক্তন ক্ৰিকেটাৰ তিৱাৰীয়ে নিজৰ পোষ্টত লিখিছে, ‘ৰঞ্জী ট্ৰফী পৰৱৰ্তী ছিজনৰ পৰা বিলুপ্ত কৰা উচিত কাৰণ বহু কথাই ভুল হৈ আছে। ইতিহাস বিজড়িত তথা প্ৰতিষ্ঠিত এই ঘৰুৱা প্ৰতিযোগিতাখন যদি বচাব লাগে, তেন্তে সংশোধনৰ প্ৰয়োজন আছে। প্ৰতিযোগিতাখনে নিজৰ গুণ গৰিমা আৰু গুৰুত্ব হেৰুৱাব ধৰিছে। যাৰ বাবে মই অতি হতাশ আৰু বিচলিত।‘

এই চাঞ্চল্যকৰ পোষ্টটোৰ উপৰি তিৱাৰীয়ে ছ’চিয়েল মিডিয়া ফেচবুক লাইভতো নিজৰ ক্ষোভ প্ৰকাশ কৰে।

মনোজ তিৱাৰীয়ে কয়, ‘আমি এখন খেলপথাৰত কেৰালাৰ বিৰুদ্ধে খেলি আছো, ষ্টেডিয়ামত নহয়। তাত বহু বছৰ পূৰ্বে ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। ৰাজ্যৰ বাহিৰত আমাক এখন খেলপথাৰত খেলিবলৈ কোৱা হৈছে… ড্ৰেছিং ৰুমবোৰ এনেকুৱা যে আপুনি তাত বহি সঠিকভাৱে ৰণনীতি প্ৰস্তুত কৰিব নোৱাৰে… কোনো গোপনীয়তা নাই। আশাকৰোঁ ভৱিষ্যতে এই বিষয়টো গুৰুত্বসহকাৰে লৈ সমাধান কৰা হ’ব’।

Leave A Reply

Your email address will not be published.