ISHAN NEWS – Always One Step Ahead of Time…

টি-২০ ক্ৰিকেটত দ্ৰুততম শতকৰ অভিলেখ গঢ়িলে নামিবিয়াৰ বেটাৰে 

0 1,875

আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত দ্ৰুততম শতকৰ নতুন বিশ্ব অভিলেখৰ গৰাকী হ’ল নামিবিয়াৰ য়ান নিক’ল লফটি এটন। ইয়াৰ পূৰ্বে টি-২০ দ্ৰুততম শতকৰ বিশ্ব অভিলেখৰ গৰাকী আছিল নেপালৰ কুশল মল্ল।

যোৱা বছৰ অনুষ্ঠিত হোৱা এছিয়ান গেমছত মংগোলিয়াৰ বিৰুদ্ধে কুশল মল্লই মাত্ৰ ৩৪ টা বলতে শতক সম্পূৰ্ণ কৰিছিল। কিন্তু কুশলৰ নামত থকা এই অভিলেখ তেওঁৰ ঘৰৰ মাটিতেই ভংগ কৰিলে এটনে।

নেপালত চলি থকা ত্ৰিদেশীয় টি-২০ শৃংখলাৰ প্ৰথমখন খেলত এটনে মাত্ৰ ৩৩টা বলতেই শতক অৰ্জন কৰি বিশ্ব অভিলেখৰ অধিকাৰী হয়।

মঙলবাৰে অনুষ্ঠিত হোৱা মেচখনত প্ৰথমে বেটিং কৰি নামিবিয়াই নিৰ্ধাৰিত অভাৰত ৪ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২০৬ ৰান।

পাঁচ নম্বৰত বেটিং কৰিবলৈ অহা এটনে ইনিংছৰ ১৯ নম্বৰ অভাৰৰ তৃতীয়টো বল বাউণ্ডেৰীলৈ পঠিয়াই দ্ৰুততম শতক সম্পূৰ্ণ কৰে। তেওঁ ৩৬টা বলত আঠটা ছিক্স, ১১টা চাৰিৰ সহায়ত ১০১ ৰানৰ ইনিংছ খেলে।  

মেচখনত নেপালে ১৮.৫ অভাৰত ১৮৬ ৰানত আটাইকেইটা উইকেট হেৰুৱাই ২০ ৰানত পৰাস্ত হয়।

Leave A Reply

Your email address will not be published.