ISHAN NEWS – Always One Step Ahead of Time…

পেটিএম বেংকৰ বিৰুদ্ধে কঠোৰ RBI; বিহিলে ৫ কোটিতকৈ অধিক জৰিমনা

0 449

পেটিএম বেংকৰ বিৰুদ্ধে গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ধন সৰবৰাহ প্ৰতিৰোধ আইন উলংঘা কৰাৰ অভিযোগত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

আৰ বি আইৰ শেহতীয়া নিৰ্দেশা অনুসৰি পেটিএম বেংকক ৫ কোটি টকাৰ জৰিমনা বিহা হৈছে আৰু ফেব্ৰুৱাৰীৰ পৰা একাউণ্ট বা ৱালেটত নতুনকৈ জমা ধন গ্ৰহণ কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

ৰিজাৰ্ভ বেংকৰ এই কাৰ্যক ফিনটেকৰ বিৰুদ্ধে ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে। ধন সৰবৰাহৰ অভিযোগত পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে ৫.৪৯ কোটি টকাৰ জৰিমনা বিহা হৈছে।

ফেব্ৰুৱাৰী মাহৰ পৰা একাউণ্ট বা ৱালেটত নতুনকৈ জমা ধন গ্ৰহণ কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে এতিয়া এই নিৰ্দেশৰ সময়সীমা ১৫ মাৰ্চলৈ বৃদ্ধি কৰিছে।

Leave A Reply

Your email address will not be published.