ISHAN NEWS – Always One Step Ahead of Time…

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ বিশেষ অফাৰ উদ্ধৱ থাকৰেৰ

0 156

লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ। নিৰ্বাচনক লৈ সকলো দল ব্যস্ত হৈ থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী সন্দৰ্ভত উদ্ধৱ থাকৰেই পুনৰ এক ডাঙৰ মন্তব্য প্ৰদান কৰিছে।

পূৰ্বতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মহাৰাষ্ট্ৰ বিকাশ আঘাড়ীত যোগদানৰ প্ৰস্তাৱ দিয়াৰ দৰে এইবাৰো একেধৰণৰ মন্তব্য প্ৰদান কৰিছে উদ্ধৱ থাকৰেই।

শিৱসেনাৰ ইউ বি টিৰ মুৰব্বী উদ্ধৱ থাকৰেই কয় যে যদিহে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক ‘অপমান’ কৰি আছে তেন্তে তেওঁ ভাৰতীয় জনতা পাৰ্টি এৰি দিয়ক।

লগতে তেওঁ কয় যে যদি নীতিন গাডকাৰীয়ে বিজেপি ত্যাগ কৰে তেন্তে মহাৰাষ্ট্ৰৰ বিৰোধী দলসমূহে লোকসভা নিৰ্বাচনত তেওঁৰ জয় সুনিশ্চিত কৰিব।

ইফালে থাকৰেৰ এই মন্তব্যক হাস্যকৰ আখ্যা দি নীতিন গাডকাৰীয়ে কয় যে উদ্ধৱ থাকৰেৰ এই মন্তব্য ‘অপৰিপক্ক’। বিজেপিত প্ৰাৰ্থী নিৰ্বাচনৰ ব্যৱস্থা আছে। শিৱসেনাৰ নেতাই বিজেপি নেতাক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।

উল্লেখ্য যে, বিজেপিয়ে ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত নাম নাছিল নীতিন গাডকাৰীৰ। ইয়াৰ পিছতে তেওঁক দল ত্যাগ কৰি মহাৰাষ্ট্ৰ বিকাশ আঘাড়ীত যোগদানৰ প্ৰস্তাৱ দিছে উদ্ধৱ থাকৰেই।

Leave A Reply

Your email address will not be published.