ISHAN NEWS – Always One Step Ahead of Time…

ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ  ঘোষণা।

0 403

বহাগ বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ উপহাৰ। ৰাজ্যিক কৰ্মচাৰীলৈ এই উপহাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম চৰকাৰৰ কৰ্মচাৰীৰ ৪ শতাংশ DA বৃদ্ধিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰেও তেওঁলোকৰ কৰ্মচাৰীসকলৰ ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ পাছতেই এইবাৰ ৰাজ্য চৰকাৰে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

 বুধবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা লাভ কৰিব এই ধন। কৰ্মচাৰীসকলে ৩ টা কিস্তিত লাভ কৰিব এই বৰ্ধিত DA । প্ৰথম মে’ মাহত, জুন মাহত দ্বিতীয় আৰু জুলাই মাহত তৃতীয় ধনৰাশি প্ৰদান কৰা হ’ব।

এতিয়াৰে পৰা ৫০ শতাংশকৈ DA লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীয়ে। জনতা ভৱনত আজি এক সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.