নিৰ্বাচনী বণ্ড নম্বৰসহ SBI-এ দিব লাগিব সকলো তথ্য : সৰ্বোচ্চ ন্যায়ালয়
দেশৰ ৰাজনীতিত সম্প্ৰতি চৰ্চাৰ বিষয় হৈ থকা নিৰ্বাচনী বণ্ড সন্দৰ্ভত সোমবাৰে পুনৰ সৰ্বোচ্চ ন্যায়ালয়ত হয় শুনানি। সৰ্বোচ্চ ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় ষ্টেট বেংকক কয় যে আপোনালোকৰ পৰা আমি যি বিচাৰিছো সেয়া এতিয়ালৈকে পোৱা নাই। আমি আপোনালোকৰ পৰা যি বিচাৰিছো সেয়া দিবলৈ আপোনালোক বাধ্য।
ন্যায়ালয়ে লগতে কয় যে, আপোনালোকে প্ৰতিটো তথ্য বিতংভাৱে দিব লাগিব। এছ বি আইয়ে বণ্ড নম্বৰো দিব লাগিব। ইয়াৰ উপৰি বণ্ডৰ সৈতে জড়িত প্ৰতিটো তথ্যও আদালতক দিব লাগিব। ২১ মাৰ্চৰ ভিতৰত এই সকলো তথ্য দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে।
আদালতে আৰু কয় যে এছ বি আইয়ে কোনো তথ্য লুকুৱাই ৰখা নাই বুলি শপতনামা দিব লাগিব। এই সন্দৰ্ভত এছ বি আইয়ে কৈছে যে আমি নিৰ্বাচনী বণ্ড নম্বৰ দিম।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে আমি স্পষ্ট কৰি দিব বিচাৰিছো যে এছ বি আইয়ে কেৱল বণ্ড নম্বৰ দিয়াই নহয় তেওঁলোকে কোনো তথ্য লুকুৱাই ৰখা নাই বুলি সৰ্বোচ্চ ন্যায়ালয়ক শপতনামা দিব লাগিব। যিকোনো পৰিস্থিতিয়ে নহওক কিয় আপোনালোকে প্ৰতিটো তথ্য দিব লাগিব।