ISHAN NEWS – Always One Step Ahead of Time…

অন্য ধৰ্মৰ লোকক বিক্ৰী কৰিব নোৱাৰিব মাটি! ৰাজ্য চৰকাৰৰ নিৰ্দেশ

0 516

এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব। ৩ মাহৰ বাবে ভিন্নধৰ্মী লোকৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে। ৰাজহ বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অনাগত ৩ মাহৰ বাবে ভিন্ন ধৰ্মৰ লোকৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত আপত্তিবিহীন প্ৰমাণপত্ৰ জাৰি কৰা নহব। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আন ধৰ্মৰ ব্যক্তিৰ নামত মাটি ক্ৰয় বিক্ৰয়ত সংঘটিত জালিয়াতি আৰু ইয়াৰ পৰিণতিত বিয়পিব পৰা সাম্প্ৰদায়িক সংঘাতৰ আশংকা ৰোধিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.