ISHAN NEWS – Always One Step Ahead of Time…

SBI ত কম্পিউটাৰৰ বিপৰীতে পাছবুকত জমা ধন লিখি বঙাইগাঁৱত লুটিলে ২.৫ কোটি

0 478

বেংকৰ সহজ-সৰল গ্ৰাহকসকল মূল লক্ষ্য! বঙাইগাঁৱৰ লেংটিছিঙাৰ SBI ৰ CSP ত ব্যাপক লুণ্ঠন। লেংটিছিঙাৰ CSP পৰিচালক কুশবাৰী নিৱাসী হানিফ আলীয়ে গ্ৰাহকৰ পৰা প্ৰৱঞ্চনাৰে প্ৰায় ২-২.৫ কোটি টকা লুণ্ঠনৰ অভিযোগ।অভিযোগ অনুসৰি আয়নাল,আবুল,স্বাহনাজ আৰু বহু সংখ্যক লোকে নিজৰ কষ্টোপাৰ্জিত ধনৰ এটি অংশ জমা কৰিছিল উক্ত CSP ত । কিন্তু গ্ৰাহকৰ জমা হোৱা ধন প্ৰৱঞ্চক হানিফে কম্পিউটাৰত এন্ট্ৰি কৰাৰ বিপৰীতে পাছবুকত হাতেৰে লিখি দিছিল জমা হোৱা ধনৰ পৰিমান।কাৰোবাৰ ৬ লাখ,কাৰোবাৰ ২.৮০ লাখ, কাৰোবাৰ ৫০ হাজাৰকে ধৰি মুঠ প্ৰায় ২-২.৫ কোটি টকা আত্মসাৎ কৰি উধাও হোৱাৰ অভিযোগ গ্ৰাহকৰ। এসপ্তাহ ধৰি উক্ত CSP ৰ সন্মুখত পুৱাৰ পৰা নিশালৈকে অপেক্ষা কৰি উভতি যাব লগা হৈছে ভুক্তভোগী ৰাইজ। অৱশেষত শতাধিক ৰাইজে ন্যায় বিচাৰি লেংটিছিঙা আৰক্ষী নিৰীক্ষণ চকীত দাখিল কৰিছে এজাহাৰ।

Leave A Reply

Your email address will not be published.