ISHAN NEWS – Always One Step Ahead of Time…

বিষক্ৰিয়া হৈ প্ৰকৃতিৰ জামাদাৰস্বৰূপ শগুণৰ মৃত্যু

0 282

মানুহতকৈ শ্ৰেষ্ঠ কোনো নাই। তাৰ প্ৰমাণ দেখুৱালে পলাশবাৰীৰ লোকে। দিনক দিনে এই জীৱ শ্ৰেষ্ঠৰ বাবেই বিলুপ্তৰ দিশত প্ৰকৃতিৰ জামাদাৰস্বৰূপ শগুণৰ।

https://fb.watch/q_racha6q9/

জানিব পৰা মতে, পলাশবাৰীৰ জজি গণকপাৰাৰ পথাৰত মৃত গৰু ভক্ষণ কৰাৰ পিছৰে পৰা অৰ্থাৎ শনিবাৰে পুৱাৰে পৰা একাধিক শগুণ অসুস্থ হৈ পৰে। বিষক্ৰিয়াৰ ফলতেই কেবাটাও বিলুপ্তপ্ৰায় শগুণৰ মৃত্যু হয়।

লোহাৰঘাট আৰু কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ এটা দলৰ তত্বাৱধানত ৰাণীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ পৰা চিকিৎসকৰ দল উপস্থিত হৈ মৃত শগুণবোৰ উদ্ধাৰ কৰাৰ লগতে অসুস্থ হৈ পৰা কুৰিৰো অধিক শগুণৰ চিকিৎসা চলাই আছে। যদিও এতিয়াও বহু অসুস্থ শগুণ গছৰ ডালত পৰি আছে।

কিমান দিন আৰু এনেকৈয়ে এই মানৱ জাতিৰ সচেতনাৰ অভাৱ আৰু একাংশ লোকৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এনেদৰে বিলুপ্তিৰ দিশত গৈ আছে এই পশুধন। সমগ্ৰ বিশ্বৰ পৰাই ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰিছে প্ৰকৃতিৰ জামাদাৰস্বৰূপ শগুণ।

ইফালে পশ্চিম গুৱাহাটীৰ তাতীবামাত মঙলবাৰে কৰুণভাৱে মৃত্যুক আঁকোৱালি লৈছে ৯টাকৈ বিলুপ্তপ্ৰায় শগুণে।

Leave A Reply

Your email address will not be published.