ISHAN NEWS – Always One Step Ahead of Time…

১৫ আৰু ১৯ মে’ গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এলৰ দুখন মেচ

0 140

২০২৩ বৰ্ষৰ দৰে আই পি এল ২০২৪ ছিজনতো ৰাজস্থান ৰয়েলছৰ দুখন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত। ১৫ মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাৱ কিংছৰ বিৰুদ্ধে প্ৰথমখন খেল অনুষ্ঠিত হ’ব। আনহাতে দ্বিতীয়খন খেল ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব।

বিগত বৰ্ষৰ দৰে এইবাৰো ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰৰ বাবেই অসমে গুৱাহাটীত আই পি এলৰ খেলখন আয়োজন কৰাৰ সুযোগ লাভ কৰিছে।

বিগত আই পি এল ছিজনত ৰাজস্থান ৰয়েলছে ঘৰুৱা দুখন খেলত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে বৰ্ষাপাৰা ষ্টেডিয়ামত খেলিছিল।

ৰঞ্জিত বৰঠাকুৰে কয় যে যোৱা ছিজনত দুখন মেচ সফলতাৰে আয়োজন কৰাৰ পাছত আমি সুখী আৰু এই ছিজনত উত্তৰ-পূবত অনুষ্ঠিত হ’ব আই পি এলৰ দুখন মেচ৷ আমি আশা কৰোঁ এইবাৰো আমি ক্ৰীড়াপ্ৰেমীৰ ১০০% সমৰ্থন দেখিবলৈ পাম।

বৰ্ষাপাৰা ষ্টেডিয়ামত খেল অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ বাবে অসম ক্ৰিকেট সন্থাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে।

এইবাৰ গুৱাহাটীলৈ আহিব কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ দল। অসমৰ ক্ৰীড়া জগতৰ বাবে এই দুটা বিশেষ দিন। তিনিওটা দলতে আছে বিশ্ব ক্ৰিকেট তাৰকা।

উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ সবাটোকৈ পেছাদাৰী লীগ আই পি এলৰ লগচত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূবৰ। বৰ্ষাপাৰ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে দুখন ঘৰুৱা মেচ খেলিছিল।

Leave A Reply

Your email address will not be published.