ISHAN NEWS – Always One Step Ahead of Time…

কাৰাবন্দী মাফিয়া-ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ মৃত্যু; নিৰাপত্তা বৃদ্ধি কেইবাখনো জিলাত

0 353

১৯ বছৰৰো অধিক কাল বিভিন্ন জেইলত বন্দী হৈ থকা কুখ্যাত গেংষ্টাৰ তথা ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ বৃহস্পতিবাৰে নিশা মৃত্যু ঘটিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, জেইলত হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়।

মুখতাৰ আনছাৰীৰ মৃত্যুৰ পিছত বাণ্ডা চিকিৎসা মহাবিদ্যালয় চৌহদৰ আশে-পাশে নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰা হৈছে। তথ্য অনুসৰি তেওঁক অতি গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ অনা হয়।

চিকিৎসালয়খনে জাৰি কৰা বিবৃতিত মুখতাৰ আনছাৰীক অচেতন অৱস্থাত অনা বুলি কোৱা হৈছে। য’ত তেওঁক ৯ জনীয়া চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰিছিল যদিও চিকিৎসাৰ সময়ত মুখতাৰ আনছাৰীৰ মৃত্যু হয়।

মুখতাৰ আনছাৰীৰ মৃত্যুৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছে। কোনো কাৰণত যাতে ৰাজ্যৰ আইন-শৃংখলা বিঘ্নিত নহয় তাৰ বাবে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আদিত্যনাথে বিষয়াসকলক নিৰ্দেশ দিছে।

ইফালে সমাজবাদী পাৰ্টীয়ে মুখতাৰ আনছাৰীৰ মৃত্যুত শোকপ্ৰকাশ কৰি পৰিয়ালৰ লোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।

১৯৬৩ চনৰ ৩ জুনত গাজীপুৰ জিলাৰ মহম্মদাবাদত মুখতাৰ আনছাৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম চুবাহুল্লাহ আনছাৰী আৰু মাতৃৰ নাম বেগম ৰবিয়া। গাজীপুৰত মুখতাৰ আনছাৰীৰ পৰিয়ালটো এটা প্ৰতিষ্ঠিত ৰাজনৈতিক পৰিয়ালৰ অন্তৰ্গত। ১৭ বছৰতকৈ অধিক সময় কাৰাগাৰত বন্দী হৈ থকা মুখতাৰ আনছাৰীৰ ককা ডাঃ মুখতাৰ আহমেদ আনছাৰী আছিল স্বাধীনতা সংগ্ৰামী।

উল্লেখ্য যে, মুখতাৰ আনছাৰীৰ মৃত্যু স্বাভাৱিক নে পৰকল্পিত হত্যাকাণ্ড তাক লৈ এতিয়া বিতৰ্ক তথা চৰ্চা আৰম্ভ হৈছে। ইফালে পৰিয়ালৰ লোকৰ উপস্থিতিত বৰ্তমান আনছাৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি আছে।

Leave A Reply

Your email address will not be published.