ISHAN NEWS – Always One Step Ahead of Time…

ছিৰিয়াত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ; ৩৮ গৰাকী লোকৰ মৃত্যু, কেইবাজনো আহত

0 195

ছিৰিয়াত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ইজৰাইল সেনাই। শুকুৰবাৰে পুৱা আলেপ্পোৰ উত্তৰ প্ৰান্তৰ উছেক চহৰৰ সমীপত ইজৰাইলে চলোৱা বিমান আক্ৰমণত ৩৮ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় বুলি জনাই ছিৰিয়াই।

নিহতসকলৰ ভিতৰত হিজবুল্লাহৰ পাঁচজন সন্ত্ৰাসবাদীও আছে। লগতে এই আক্ৰমণত বহু সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে।

ছিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে এজন সামৰিক বিষয়াৰ উদ্ধৃতি দি কয় যে আলেপ্পো আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ইজৰাইল আৰু ছিৰিয়াৰ বিদ্ৰোহী সংগঠনে ড্ৰ’ন আক্ৰমণ চলাইছে।

ব্ৰিটেইনস্থিত যুদ্ধ নিৰীক্ষক ‘ছিৰিয়ান অৱজাৰভেটৰী ফৰ হিউমেন ৰাইটছ’এ জনোৱা মতে, ইজৰাইলৰ আক্ৰমণত আলেপ্পো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ আলেপ্পোৰ দক্ষিণ উপকণ্ঠ অঞ্চল জিব্ৰিনত থকা লেবাননৰ উগ্ৰপন্থী হিজবুল্লাহ গোটৰ ক্ষেপণাস্ত্ৰ ডিপোক লক্ষ্য কৰি লোৱা হৈছে।

এই আক্ৰমণত কেইবা ডজন জোৱান নিহত বা আহত হৈছে। আক্ৰমণৰ দুঘণ্টাৰ পাছতো অঞ্চলটোত বিস্ফোৰণৰ শব্দ শুনা গৈছিল বুলি উল্লেখ কৰে।

অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ বিষয়াই এইপৰ্যন্ত কোনো বিবৃতি দিয়া হোৱা নাই।

উল্লেখ্য যে, ছিৰিয়াত ঘাটি পতা হিজবুল্লাহক লক্ষ্য কৰি ইজৰাইলে প্ৰায়ে আক্ৰমণ কৰি আহিছে যদিও ইয়াক স্বীকাৰ কৰাটো খুব কমেইহে দেখা যায়। বৃহস্পতিবাৰে ছিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে ৰাজধানী ডামাস্কাছৰ ওচৰত বিমান আক্ৰমণৰ বাতৰি প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত দুজন সাধাৰণ নাগৰিক আহত হৈছে।

ছিৰিয়াৰ সৰ্ববৃহৎ চহৰ তথা এসময়ৰ বাণিজ্যিক কেন্দ্ৰ আলেপ্পোত বিগত সময়তো একেধৰণৰ আক্ৰমণৰ সন্মুখীন হৈছিল, যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ কৰিবলগীয়া হৈছিল। অৱশ্যে শুকুৰবাৰৰ এই আক্ৰমণে বিমানবন্দৰত কোনো প্ৰভাৱ পেলাব পৰা নাছিল।

গাজাত যুদ্ধ আৰু লেবানন-ইজৰাইল সীমান্তত হিজবুল্লাহ আৰু ইজৰাইল বাহিনীৰ মাজত সংঘৰ্ষ বিগত পাঁচ মাহ ধৰি চলি আছে। এই পটভূমিত ছিৰিয়াত আক্ৰমণ বৃদ্ধি পাইছে।

Leave A Reply

Your email address will not be published.