নদীত বাগৰিল যাত্ৰীবাহী বাহন; ৫ জন লোকৰ মৃত্যু, এগৰাকী সন্ধানহীন
নেপালৰ চিটৱন জিলাত এক ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, শনিবাৰে পুৱা এখন টেক্সি খাৱৈত পৰি যোৱাৰ ফলত দুগৰাকী মহিলাসহ কমেও পাঁচজন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।
আৰক্ষীৰ মতে, পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। কাঠমাণ্ডুৰ পৰা গোৰ্খা জিলা অভিমুখে গৈ থকা টেক্সিখন পৃথ্বী ঘাইপথৰ সমীপৰ ইচ্চাকামনা নামৰ অঞ্চলৰ ত্ৰিশুলি নদীৰ ১০০ মিটাৰ তলত বাগৰি পৰে।
উদ্ধাৰ অভিযান চলোৱাৰ পূৰ্বেই লোক কেইজনৰ মৃত্যু হৈছিল। অৱশ্যে পিছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
তথ্য অনুসৰি টেক্সিখনত প্ৰায় ৬ জন যাত্ৰী আছিল। যাত্ৰীসকলৰ ভিতৰত থকা এগৰাকী ১৮ বছৰীয়া কিশোৰী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছে এটি ৯ বছৰীয়া শিশু।
নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।