চলিত আই পি এলত দ্বিতীয় বাৰৰ বাবে শাস্তিৰ সন্মুখীন ঋষভ পন্ত
কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ১০৬ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হোৱাৰ পিছতে আন এক মোক্ষম আঘাতৰ সন্মুখীন হৈছে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্ত।
কলকাতাৰ বিৰুদ্ধে শ্ল’ অভাৰ ৰেটৰ বাবে ঋষভ পন্তক ১২ লাখ টকা নহয় এইবাৰ ২৪ লাখ টকা জৰিমনা বিহা হয়।
উল্লেখ্য যে ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেচখনতো শ্ল’ অভাৰ ৰেটৰ বাবে ১২ লাখ টকা জৰিমনা বিহা হৈছিল।
আই পি এলৰ এক বিবৃতিত কোৱা হৈছে, ‘দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তক যোৱা ৩ এপ্ৰিলত বিশাখাপট্টনমত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলখনৰ সময়ত শ্ল’ অভাৰ ৰেটৰ বাবে জৰিমনা বিহা হৈছে। চলিত ছিজনত এয়া পন্তৰ দ্বিতীয়টো অপৰাধ। পন্তক ২৪ লাখ টকা জৰিমনা বিহা হৈছে আৰু ইম্পেক্ট প্লেয়ালৰসহ দলটোৰ বাকী সদস্যসকলৰ ওপৰত ব্যক্তিগতভাৱে ৬ লাখ টকা বা নিজ নিজ মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা দিব লাগিব’।
উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত হৈ যোৱা মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে ২৭২ ৰানৰ বিশাল লক্ষ্য বান্ধি দিছিল দিল্লী কেপিটেলছক। প্ৰত্যুত্তৰত দিল্লীয়ে মাত্ৰ ১৬৬ ৰানতে ইনিংছ সামৰে আৰু মেচখন ১০৬ ৰানত পৰাস্ত হয়।