নিবনুৱাৰ বাবে ডাঙৰ খবৰ; নতুনকৈ ৫০ হাজাৰ চাকৰি দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
লোকসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ থকাৰ মাজতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱাৰ বাবে কৰিছে ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে নিবনুৱাসকলৰ মাজত।
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি নতুনকৈ আকৌ ৫০ হাজাৰ চাকৰি দিব ৰাজ্য চৰকাৰে। প্ৰতিশ্ৰুতি অনুসৰি পাঁচ বছৰ নৌহওতেই ১ লাখ চাকৰি দিয়া বুলি দাবী কৰি আগন্তুক কিছুদিনৰ ভিতৰত আৰু ৫০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিব বুলি ঘোষণা কৰে।
আজি ডিবগৈ বালিজানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে ৫০ হাজাৰ চাকৰি দিয়াৰ কথা ঘোষণা কৰে।
কেৱল নতুনকৈ ৫০ হাজাৰ চাকৰিৰ ঘোষণা কৰাই নহয় ৰেচন কাৰ্ড সন্দৰ্ভতো ডাঙৰ মন্তব্য কৰে। বিশাল নিৰ্বাচনী সভাখনত দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰেচন কাৰ্ড থকাসকলক ২০২৬ৰ আগত অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব।
আনহাতে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বী এজনক বীমা কৰাই দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।