আৰু চিন্তা নাই! আধা বাটত পেট্ৰ’ল শেষ হ’লে অনলাইনযোগে পাব ইন্ধন
আপুনি হয়তো কাপোৰ, শাক-পাচলি, গেলামালৰ দৰে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী অনলাইনত অৰ্ডাৰ কৰিছে। কিন্তু আপুনি কেতিয়াবা অনলাইনত পেট্ৰ’ল অৰ্ডাৰ কৰিছেনে? যদি নাই, তেন্তে এতিয়াৰ পৰা আপুনিও অনলাইনত পেট্ৰ’ল অৰ্ডাৰ কৰিব পাৰিব পেট্ৰ’ল।
হয়, এতিয়া আদ বাটত পেট্ৰল শেষ হোৱাৰ পিছত পেট্ৰল পাম্প পাবলৈ গাড়ীখন ঠেলি নিয়াৰ প্ৰয়োজন নাথাকিব। এতিয়া আপুনি অৰ্ডাৰ কৰাৰ লগে লগে লাভ কৰিব পেট্ৰ’ল।
জানি লওক কেনেকৈ পেট্ৰল অৰ্ডাৰ কৰিব পাৰিব
পেট্ৰ’ল পাবলৈ আপুনি ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ সেৱা যেনে fuel@doorstep বা fuel@call ৰ সহায় ল’ব লাগিব। ইয়াৰ বাবে আপুনি IOC ৰ নম্বৰ 18002090247 ত কল কৰি 6 নিৰ্বাচন কৰিব লাগিব। ইয়াৰ পিছত IOCৰ এটা দলে আপোনাৰ বাবে পেট্ৰল লৈ আহিব।
কি তথ্য শ্বেয়াৰ কৰিব লাগে জানি লওক
নম্বৰটো ডায়েল কৰাৰ লগে লগে আপুনি আপোনাৰ স্থান আৰু আপোনাৰ পৰিচয়ৰ সৈতে জড়িত তথ্য শ্বেয়াৰ কৰিব লাগিব। অৰ্ডাৰ দিয়াৰ কম সময়ৰ ভিতৰতে আপোনাক ইন্ধন ডেলিভাৰী কৰা হ’ব। কিন্তু ইয়াৰ iocl ৰ পৰা কিছু নিৰ্দিষ্ট সীমা আছে।
ক’ৰ পৰা অৰ্ডাৰ দিব?
ইয়াৰ বাবে ভাৰতীয় তেল নিগমে এটা এপ প্ৰস্তুত কৰিছে। এই এপটোৰ জৰিয়তে আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি ইন্ধন অৰ্ডাৰ কৰিব পাৰিব।
ইচ্ছা কৰিলে ব্যৱসায়িক প্ৰয়োজনীয়তাৰ বাবে (যেনে জেনেৰেটৰ) যিকোনো ঠাইৰ পৰাও ইন্ধন অৰ্ডাৰ দিব পাৰে। সকলো ডিজিটেল পেমেণ্ট বিকল্প এই এপত উপলব্ধ থাকিব।