বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি। সাধাৰণ জনতাৰ বাবে কি আছে ইস্তাহাৰত
লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্যেৰে সংকল্প পত্ৰ নাম দি বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিছে। বিজেপিৰ সংকল্প পত্ৰত যুৱক-যুৱতী, কৃষক, মহিলা আদিৰ কল্যাণৰ বাবে কাৰ্যসূচী হাতত লোৱাৰ কথা ঘোষণা কৰা হৈছে। পুনৰ ক্ষমতালৈ আহিলে ৩ কোটি লোকলৈ চৰকাৰী ঘৰ, পিএম সূৰ্যঘৰ আঁচনি, ই-শ্ৰম যোজনা, দিব্যাংগসকলৰ বাবে চৰকাৰী ঘৰ, ঘৰে ঘৰে গেছ পাইপলাইন, এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে সংকল্প পত্ৰত। ৰামায়ণ উৎসৱ পালন, অযোধ্যাৰ অধিক উন্নয়ন, দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আদিৰ প্ৰতিশ্ৰুতি দিছে দলটোৱে। বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিলে দেশত সম ন্যায়িক সংহিতা চমুকৈ UCC কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে UCC কাৰ্যকৰী কৰাটো দেশৰ বাবে অতি জৰুৰী। সংকল্প পত্ৰত ৰেলপথ সন্দৰ্ভতো প্ৰতিশ্ৰুতি দিয়া হৈছে। কোৱা হৈছে যে ৰে’লত ৱেইটিং লিষ্টৰ সমস্যা শেষ হ’ব। উত্তৰ-পূবত বুলেট ট্ৰেইনতো কাম চলি থকাৰ কথাও উল্লেখ কৰিছে দলটোৱে। ৫জি সম্প্ৰসাৰণ আৰু ৬জিৰ বিকাশ, শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰতিশ্ৰুতিও দিছে সংকল্প পত্ৰত। ইয়াৰ উপৰি মীনপালকসকলৰ বাবে বীমাৰ সুবিধা প্ৰদান কৰাৰ লগতে শ্ৰীঅন্নক (মোটা শস্য)ক ছুপাৰফুড হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। একলব্য বিদ্যালয় খোলাৰ প্ৰতিশ্ৰুতিও দিছে দলটোৱে। ইয়াৰ উপৰি অনুসূচিত জাতি আৰু অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ কল্যাণৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে।
সংকল্প পত্ৰ খন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় অনাগত ৫ বছৰলৈ অব্যাহত থাকিব বিনামূলীয়া ৰেচন আঁচনি। সংকল্প পত্ৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে মুদ্ৰা ঋণৰ আঁচনি ১০ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি কৰা হৈছে। অনাগত সময়তো ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা অব্যাহত থাকিব বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে ৩ কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ় দিয়াটো বিজেপিৰ লক্ষ্য। গাঁৱৰ মহিলাক ড্ৰোণ পাইলট হিচাপে গঢ়ি তোলা হব বুলিও তেওঁ প্ৰকাশ কৰে।