ISHAN NEWS – Always One Step Ahead of Time…

বাতৰি কাকতত ডাঙৰকৈ বিজ্ঞাপন দি ক্ষমা খোজক : ৰামদেৱক পুনৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

0 130

উচ্চতম ন্যায়ালয়ৰ পৰা পুনৰ ককৰ্থনাৰ সন্মুখীন হ’ল যোগগুৰু বাবা ৰামদেৱ। পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ বাৰে বাৰে ৰোষত পৰা ৰামদেৱক পুনৰ ধমক দিয়ে আদালতে।

আজি হোৱা শুনানিৰ সময়ত আদালতে ৰামদেৱক পতঞ্জলিৰ ক্ষমাপ্ৰাৰ্থনাৰ বিজ্ঞাপনটো বৃহৎ আকাৰত পুনৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ে কয়, ‘বাতৰি কাকতক যিমান ডাঙৰকৈ বিজ্ঞাপন দিছিল সিমান ডাঙৰকৈ ক্ষমাপ্ৰাৰ্থনাৰ বিজ্ঞাপনটো দিয়া হৈছিল নে?’

উল্লেখ্য যে, বাতৰি কাকতৰ কোনোবা এটা চুকত সৰুকৈ ক্ষমা প্ৰাৰ্থনাৰ বিজ্ঞাপন দিয়াৰ বাবে ন্যায়ালয়ে ৰামদেৱক ভর্ৎসনা কৰে। একে সময়তে ৰামদেৱৰ এনেধৰণৰ ক্ষমা প্ৰাৰ্থনা পোনচাটেই নাকচো কৰিছে। 

ৰামদেৱৰ অধিবক্তা মুকুল ৰোহটগীয়ে আদালতত কয় যে আমি ক্ষমা বিচাৰিছো। এই সন্দৰ্ভত ন্যায়াধীশ হিমা কোহলীয়ে প্ৰশ্ন কৰে যে কালি এই শপতনামা কিয় দাখিল কৰা হৈছে। আমি এতিয়া আৰু বাণ্ডিলবোৰ চাব নোৱাৰো, আগতেই আমাক দিয়া উচিত আছিল।

ইফালে ন্যায়াধীশ আমানুল্লাই প্ৰশ্ন কৰে যে ইয়াক ক’ত প্ৰকাশ কৰা হৈছে। যাৰ উত্তৰত মুকুল ৰোহটগীয়ে কয় যে ৬৭খন কাকতত ক্ষমা প্ৰাৰ্থনাৰ বিজ্ঞাপন দিয়া হৈছে।

এই সন্দৰ্ভত ন্যায়াধীশ কোহলীয়ে প্ৰশ্ন কৰে যে ই আপোনালোকৰ আগৰ দৰৱৰ বিজ্ঞাপন সমূহৰ দৰে এই বিজ্ঞাপনটোৰ আকাৰো একে নে? যাৰ উত্তৰত ৰামদেৱৰ অধিবক্তাই কয় যে নহয়, ইয়াৰ বাবে ১০ লাখ টকা খৰচ হৈছে।

ইয়াৰ উত্তৰত আদালতে কয় যে ৰাম দেৱৰ ক্ষমা প্ৰাৰ্থনা স্পষ্টকৈ কৰা হৈছে নে? বাতৰি কাকতত এই বিজ্ঞাপন ডাঙৰকৈ প্ৰকাশ কৰা হৈছে নে? যিমানেই টকা খৰচ নহওক, আমি এই বিষয়ত গুৰুত্ব নিদিও।

ইয়াৰ লগতে আদালতে ৩০ এপ্ৰিলত পুনৰ হাজিৰ হ’বলৈ ৰামদেৱ আৰু বাল কৃষ্ণক নিৰ্দেশ দিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আদালতৰ নিৰ্দেশতেই পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন সন্দৰ্ভত ৰামদেৱে ৰাজহুৱা ক্ষমা বিচাৰিছিল। ইয়াৰ উপৰি মঙলবাৰে শুনানিৰ কেইঘণ্টামান পূৰ্বে বাবা ৰামদেৱে বাতৰি কাকতত ক্ষমা বিচাৰি জাননী জাৰি কৰাৰ লগতে ভৱিষ্যতে এনে ভুল নহয় বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.