ভাৰতীয় টেবুল টেনিছৰ তাৰকা খেলুৱৈ মণিকা বাত্ৰাই ৰচিছে ইতিহাস। টেবুল টেনিছ ৰেংকিঙত শীৰ্ষ ২৫ স্থানত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে মণিকা।
১৫টা স্থান আগুৱাই মণিকাই শেহতীয়া ৰেংকিঙত ২৪ নম্বৰ স্থান দখল কৰিছে। ইয়াৰ পূৰ্বে মণিকাৰ শ্ৰেষ্ঠ ৰেংকিং আছিল ৩৯।
উল্লেখ্য যে, যোৱা সপ্তাহত ছৌদি স্মাছ প্ৰতিযোগিতাত মণিকাই শক্তিশালী প্ৰদৰ্শন আগবঢ়াই বিশ্বৰ ২ নম্বৰ খেলুৱৈগৰাকীক পৰাস্ত কৰিছিল।
টেবুল টেনিছৰ ইতিহাসত শীৰ্ষ ২৫ ৰেংকিঙত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে মণিকা বাত্ৰা। কেৱল এয়াই নহয়, একক শাখাত এই স্থান অৰ্জন কৰা মণিকা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ।
মণিকাৰ পূৰ্বে এই কৃতিত্ব ২০১৯ চনত সাথিয়ান জ্ঞানসেকৰনে অৰ্জন কৰিছিল। সাথিয়ানৰ পিছত এই মাইলৰ খুঁটিত উপনীত হোৱা ভাৰতীয় দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে মণিকা।