ISHAN NEWS – Always One Step Ahead of Time…

ক’ভাক্সিন লোৱাসকলো সুৰক্ষিত নহয়! ক’ভাক্সিন লোৱা লোকৰ দেহত দেখা দিছে এইসমূহ ৰোগ!

0 262

ক’ভিশ্বিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া পোহৰলৈ অহাৰ পাছতেই ভাৰত বায়োটেকে ক’ভিড প্ৰতিৰোধী ভেকচিন ক’ভাক্সিন নিৰাপদ বুলি প্ৰকাশ কৰিছিল। শেহতীয়াকৈ এক গৱেষণাত ক’ভাক্সিনৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য পোহৰলৈ আহিছে। ক’ভাক্সিন গ্ৰহণ কৰা লোকসকলৰ প্ৰায় এক তৃতীয়াংশই পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হৈছে। ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত মানুহৰ দেহত শ্বাস-প্ৰশ্বাসৰ সমস্যা, তেজ গোট মৰা আৰু ছালৰ বিভিন্ন ৰোগে দেখা দিছে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে কৰা এবছৰৰ গৱেষণাত ওলাইছে এই তথ্য। অধ্যয়নটোত ১০২৪ জন লোকক অন্তৰ্ভুক্ত কৰা হৈছিল। যত ৬৩৫ জন কিশোৰ আৰু ২৯১ জন প্ৰাপ্ত বয়স্ক লোকক অন্তৰ্ভুক্ত কৰা হৈছিল। টীকাকৰণ কৰাৰ পিছত এবছৰৰ বাবে তেওঁলোকক নিৰীক্ষণ কৰা হয়। এই ভেকচিনে বিশেষকৈ প্ৰভাৱিত কৰিছে যুৱ-প্ৰজন্মক।

২০২২ চনৰ জানুৱাৰীৰ পৰা আগষ্টলৈকে কৰা এই অধ্যয়নৰ মতে, ক’ভাক্সিন গ্ৰহণ কৰা প্ৰায় এক তৃতীয়াংশ ব্যক্তিৰ AESI ৰোগ হৈছিল। এই ভেকচিন লোৱা ১০.৫% কিশোৰ-কিশোৰী ছালৰ ৰোগত, ১০.২% কিশোৰ কিশোৰী সাধাৰণ ৰোগত, আৰু ৪.৭ % কিশোৰ কিশোৰী স্নায়ুতন্ত্ৰৰ ৰোগত ভুগিছিল বুলি গৱেষণাত প্ৰকাশ পাইছে। আনহাতে, প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত পেশী-কংকালৰ ৰোগত ৫.৮% আৰু স্নায়ুতন্ত্ৰৰ ৰোগত ৫.৫ শতাংশ লোক আক্ৰান্ত হৈছে। ভেকচিন গ্ৰহণ কৰা ৪.৬ শতাংশ মহিলাৰ ঋতুস্ৰাৱৰ অস্বাভাৱিকতা পৰলক্ষিত হয়। গৱেষণাত অংশ লোৱা ২. ৭ শতাংশ আৰু ০.৬ শতাংশ অংশগ্ৰহণকাৰীৰ চকুৰ অস্বাভাৱিকতা আৰু হাইপোথাইৰয়ডিজম দেখা গৈছে। অধ্যয়ণ অনুসৰি ভেকচিন লোৱাৰ পিছত যুৱতী-মহিলাসকলৰ টায়ফয়েড হোৱাৰ আশংকা বৃদ্ধি পাইছে। গৱেষণা অনুসৰি ক’ভাক্সিনৰ দুটা মাত্ৰা গ্ৰহণ কৰা প্ৰাপ্তবয়স্কসকলৰ তুলনাত তিনিটা ড’জ গ্ৰহণ কৰা প্ৰাপ্তবয়স্ক আৰু এটা ড’জ গ্ৰহণ কৰা প্ৰাপ্তবয়স্কসকলৰ এ ই এছ আইৰ আশংকা ক্ৰমে চাৰি আৰু দুগুণ বেছি আছিল।

Leave A Reply

Your email address will not be published.