টি-২০ ক্ৰিকেটত বাবৰে ৰচিলে ইতিহাস; ভংগ কোহলী আৰু ৰোহিত শৰ্মাৰ অভিলেখ
আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত পুনৰবাৰ আন এক কৃতিত্ব গঢ়িবলৈ সক্ষম হ’ল পাকিস্তানৰ বাবৰ আজম। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দিব্তীয় স্থানত উপনীত হ’ল পাকিস্তানৰ অধিনায়কগৰাকী।
সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত বাবৰ আজমে অতিক্ৰম কৰিলে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক।
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত এই কৃতিত্ব গঢ়ে বাবৰ আজমে। এই মেচখনত বাবৰে ২৬টা বলত ৩২ ৰানৰ ইনিংছ খেলে। এই ইনিংছৰ সময়তে বাবৰে অতিক্ৰম কৰে ৰোহিত শৰ্মাক।
টি-২০ আন্তঃৰাষ্ট্ৰীয় এতিয়া বাবৰৰ নামত সংযোজন হ’ল ৩৯৮৭ ৰান। আনহাতে ৰোহিতৰ নামত আছে ৩৯৭৪ ৰান।
ইফালে বিৰাটে এই পৰ্যন্ত ১০৯ টা টি-২০ ইনিংছত মুঠ ৪০৩৭ ৰান সংগ্ৰহ কৰিছে। পল ষ্টাৰলিঙে ১৪১ ইনিংছত ৩৫৮৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্টিন গুপটিলে ১১৮ ইনিংছত মুঠ ৩৫৩১ ৰান সংগ্ৰহ কৰিছে।
টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন
বিৰাট কোহলি – ১০৯ ইনিংছত ৪০৩৭ ৰান |
বাবৰ আজম – ১১১ ইনিংছত ৩৯৮৭ ৰান |
ৰোহিত শৰ্মা – ১৪৩ ইনিংছত ৩৯৭৪ ৰান |
পল ষ্টাৰলিং – ১৪১ ইনিংছত ৩৫৮৯ ৰান |
মাৰ্টিন গুপটিল – ১১৮ ইনিংছত ৩৫৩১ ৰান |
ইয়াৰ উপৰি বাবৰে অধিনায়ক হিচাপেও ৰান সংগ্ৰহৰ ক্ষেত্ৰত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক অতিক্ৰম কৰিছে। টি-২০ত অধিনায়ক হিচাপে ১০০০ ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে বাবৰ আজম।
অধিনায়ক হিচাপে দ্ৰুতগতিত ১০০০ ৰান সংগ্ৰহ কৰা অধিনায়ক
২৬ ইনিংছ- বাবৰ আজম |
২৯ ইনিংছ – ৰোহিত শৰ্মা |
৩০ ইনিংছ- বিৰাট কোহলী |
৩১ ইনিংছ- ফাফ ডু প্লেছিছ |
৩১ ইনিংছ – জোছ বাটলাৰ |
৩২ ইনিংছ – এৰন ফিঞ্চ |