ISHAN NEWS – Always One Step Ahead of Time…

ধুমুহা-বৰষুণৰ পিছত এইবাৰ ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ

0 191

ৰেমলৰ ফলত হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণৰ পিছত এইবাৰ ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ। বিগত দুই তিনি-দিন ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত হাইলাকান্দিত মথাউৰি ছিগাৰ ফলত এতিয়া কালৰূপ ধাৰণ কৰিছে বানে।


হাইলাকান্দি জিলাৰ কাটাখাল নৈৰ তছলা আৰু আংকাই লংকাই মথাউৰি ছিগি প্লাবিত হৈ পৰিছে বিস্তৃৰ্ণ অঞ্চল। জলবন্দী হৈ পৰিছে কেইবা হাজাৰ পৰিয়াল।


কাটাখাল নৈৰ মথাউৰি ছিঙাৰ ফলত হাইলাকান্দি জিলাৰ পূব হাইলাকান্দিৰ হাজাৰ-হাজাৰ লোকৰ ঘৰৰ লগতে লোকনিৰ্মাণ বিভাগৰ কেইবাটা পথ পানীয়ে বুৰাই পেলাইছে।


ৰাতিপুৱাৰ ভাগতে মথাউৰি ছিগিছে যদিও এতিয়ালৈকৈ জিলা প্ৰসাশনৰ কোন লোক অঞ্চলবাসীৰ দুখ-দুৰ্দশাৰ বুজ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।


ইফালে বছৰৰ প্ৰথমটো বানে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চল প্লাৱিত কৰিছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত চিতলমাৰি অঞ্চলৰ শতাধিক পৰিয়ালৰ বাসগৃহত পানী সোমোৱাৰ লগতে অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।


হাইলাকান্দিৰ বানাক্ৰান্ত লোকৰ দৰে কামপুৰৰ ৰাইজেও প্ৰশাসনৰ বিৰুদ্ধে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

Leave A Reply

Your email address will not be published.