ISHAN NEWS – Always One Step Ahead of Time…

পাকিস্তানক পৰাস্ত কৰি ইতিহাস ৰচা আমেৰিকাই সলাই দিলে ছুপাৰ-৮ৰ সমীকৰণ

0 3,853

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত চলি থকা টি-২০ বিশ্বকাপত প্ৰথমটো অঘটন দেখিলে ক্ৰিকেট বিশ্বই। শক্তিশালী বলিং লাইন আপৰ বাবে পৰিচিত পাকিস্তান দলক পৰাস্ত কৰি ইতিহাস ৰচিলে আয়োজক দেশ আমেৰিকাই।

ক্ৰিকেটৰ যিকোনো ফৰ্মেটত পাকিস্তানৰ বিৰুদ্ধে আমেৰিকাৰ এই প্ৰথম জয়। অতি ৰোমাঞ্চকৰ পৰ্যায়লৈ যোৱা এই মেচখনত আমেৰিকাই পাকিস্তানক ছুপাৰ অভাৰত পৰাস্ত কৰে।

আমেৰিকাৰ প্ৰদৰ্শনে ক্ৰিকেট অনুৰাগীক হতচকিত কৰি তোলাৰ লগতে গ্ৰুপ এ’ৰ পইণ্টছ তালিকাৰ সমীকৰণো সলনি কৰি দিলে। আমেৰিকাৰ এই জয়ৰ পাছতে এতিয়া পাকিস্তান গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

কেৱল পাকিস্তানেই নহয় আমেৰিকাৰ এই জয়ে পইণ্টছ তালিকাত ভাৰতকো ক্ষতি কৰিছে। 

উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা মেচখনত টছত হাৰি পাকিস্তানে প্ৰথমে বেট ধৰি ১৫৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত আমেৰিকাইও নিৰ্ধাৰিত অভাৰত সমসংখ্যক ৰান কৰাত খেলখন ছুপাৰ অভাৰলৈ যায়।

ছুপাৰ অভাৰত আমেৰিকাই প্ৰথমে বেটিং কৰি ১৮ ৰান সংগ্ৰহ কৰে। মেচখন জয়ৰ বাবে পাকিস্তানক ১৯ ৰানৰ প্ৰয়োজন আছিল যদিও মাত্ৰ ১৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু এইদৰে মেচখন ছুপাৰ অভাৰত পৰাস্ত হয়।

ছুপাৰ-৮ত অগ্ৰসৰ হ’বলৈ আমেৰিকাৰ হাতত এতিয়া সুৱৰ্ণ সুযোগ। গ্ৰুপৰ ষ্টেজৰ প্ৰথমখন মেচত কানাডাক আৰু দ্বিতীয়খন মেচত পাকিস্তানক পৰাস্ত কৰি চাৰি পইণ্টৰ সহায়ত তালিকাৰ শীৰ্ষত আছে আমেৰিকা।

ভাৰত আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে বাকী দুখন মেচ খেলিব আমেৰিকাই। যদিহে এই দুয়োখন মেচতে জয়ী হয় তেন্তে ছুপাৰ-৮ৰ বাবে যোগ্যতা অৰ্জন কৰিব আয়োজক দেশখনে। ১২ জুনত ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া মেচখনত পৰাস্ত হ’লেও আমেৰিকাৰ হাতত ছুপাৰ-৮ পৰ্যায়লৈ অগ্ৰসৰ হোৱাৰ সুযোগ থাকিব। কিয়নো যদিহে আমেৰিকাই গ্ৰুপৰ অন্তিমখন মেচত কানাডাক পৰাস্ত কৰে তেন্তে তেওঁলোকৰ পইণ্ট হ’ব ৬।

ইফালে আমেৰিকাৰ হাতত পৰাস্ত হোৱাৰ পিছত পাকিস্তানে গ্ৰুপ পৰ্যায়ত খেলিব বাকী আছে তিনিখন মেচ। ভাৰত, আয়াৰলেণ্ড আৰু কানাডাৰ বিৰুদ্ধে খেলিবলগীয়া এখন মেচতো যদি পৰাস্ত হয় তেন্তে পাকিস্তান গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হ’বলগীয়া হ’ব পাৰে।

পকিস্তানে পৰৱৰ্তী মেচখনত মুখামুখি হ’ব ভাৰতৰ বিৰুদ্ধে। আটাইতকৈ লক্ষ্যণীয় দিশটো হ’ল বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ ৰেকৰ্ড বা প্ৰদৰ্শন সৰ্বজনবিদিত। যদিহে ভাৰতৰ বিৰুদ্ধে পাকিস্তান পৰাস্ত হয় তেন্তে গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’বলগীয়া হ’ব পাৰে পাকিস্তান।

ভাৰতৰ হাতত পৰাস্ত হ’লেও পাকিস্তানে ছুপাৰ-৮ পৰ্যায়ত প্ৰৱেশ কৰাৰ সুযোগ পাব। গ্ৰুপৰ বাকী থকা দুয়োখন মেচ জয়ী হোৱাৰ লগতে পাকিস্তানে আয়াৰলেণ্ড আৰু আমেৰিকাৰ মাজত খেলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। তদুপৰি পাকিস্তানে ছুপাৰ-৮ত প্ৰৱেশ কৰিবলৈ হ’লে বাকী থকা দুয়োখন মেচতে পৰাস্ত হ’ব লাগিব আমেৰিকা।

আমেৰিকা আৰু পাকিস্তানৰ এই খেলখনৰ পূৰ্বে পইণ্ট তালিকাত প্ৰথম স্থানত আছিল টিম ইণ্ডিয়া। কিন্তু এতিয়া দ্বিতীয় স্থানলৈ অলনমিত হ’ল। আমেৰিকাৰ এই বিজয়ে ভাৰতকো চাপত পেলাইছে।

এতিয়া ভাৰতে পৰৱৰ্তী মেচখনত যিকোনো উপায়েৰে পাকিস্তানক পৰাস্ত কৰিব লাগিব। কিন্তু যদি ভাৰত পৰাস্ত হয় আৰু তাৰ বিপৰীতে পাকিস্তান আৰু আমেৰিকাই বাকী থকা প্ৰতিখন মেচত জয়লাভ কৰে, তেন্তে ভাৰত গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হ’বলগীয়া হ’ব পাৰে।

Leave A Reply

Your email address will not be published.