ISHAN NEWS – Always One Step Ahead of Time…

৩০০ কোটি টকাৰ সম্পত্তিৰ লালসাত শহুৰেকৰ সৈতে ভয়ংকৰ কাণ্ড বোৱাৰীৰ

0 46,391

নাগপুৰত এগৰাকী ৮২ বছৰীয়া লোকৰ মৃত্যুৰ তদন্তত বোৱাৰীয়ে ৩০০ কোটি টকাৰ পাৰিবাৰিক সম্পত্তিৰ বাবে ৰচনা কৰা এক ভয়ানক হত্যাৰ ষড়যন্ত্ৰৰ কথা উন্মোচন হৈছে।

গাড়ীৰ খুন্দাত মৃত্যু হোৱাৰ এপষেকৰ পিছত অৰ্থাত যোৱা সপ্তাহত চহৰ পৰিকল্পনা বিভাগৰ সহকাৰী সঞ্চালক অৰ্চনা মনীষ পুত্তেৱাৰ নামৰ মহিলাগৰাকী গ্ৰেপ্তাৰ কৰা হৈছিল।

এজন আৰক্ষী বিষয়াই সংবাদ সংস্থাক জনোৱা মতে, বোৱাৰী অৰ্চনাই শহুৰেকক হত্যা কৰিবলৈ মানুহ নিয়োগ কৰিছিল আৰু ইয়াৰ বাবে প্ৰায় ১ কোটি টকা খৰচ কৰিছিল।

‘শহুৰেকক খুন্দিয়াবৰ বাবে এখন ব্যৱহৃত গাড়ী কিনিবলৈ মহিলাগৰাকীয়ে অভিযুক্তক ধন দিছিল। এই হত্যাকাণ্ডটোক দুৰ্ঘটনা বুলি দেখুৱাবলৈ চেষ্টা কৰা হৈছিল। ৩০০ কোটি টকাৰ সম্পত্তিৰ ওপৰত নিয়ন্ত্ৰণ লাভৰ বাবে এই কাম কৰা হৈছে, বিষয়াগৰাকীয়ে কয়।

বিষয়াগৰাকীয়ে লগতে কয় যে ৫৩ বছৰীয়া মহিলাগৰাকীয়ে স্বামীৰ চালক বাগডে আৰু আন দুজন অভিযুক্ত নীৰজ নিমজে আৰু শচীন ধৰ্মিকৰ সৈতে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।

আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে আইপিচি আৰু মটৰ গাড়ী আইনৰ অধীনত হত্যা আৰু অন্যান্য ধাৰাত গোচৰ ৰুজু হৈছে। জব্দ কৰিছে দুখন গাড়ী, সোণৰ গহনা আৰু মোবাইল ফোন।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে ঘটনা সংঘটিত হোৱাৰ দিনটোত পুৰুষোত্তম পুত্তেৱাৰে হাস্পতালত ভৰ্তি হৈ থকা তেওঁৰ পত্নী শকুন্তলাক সাক্ষাত কৰিবলৈ গৈছিল। হাস্পতালৰ পৰা উভতি অহাৰ সময়তেই তেওঁক তীব্ৰবেগী বাহন এখনে খুন্দিয়াই।

এই ঘটনাটোৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ পিছতেই অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছিল। পৰিকল্পিত হত্যাকাণ্ডটোৰ মূল দোষী অৰ্চনা মনীষ পুত্তেৱাৰৰ স্বামী মনীষ পেচাত এগৰাকী চিকিৎসক।    

Leave A Reply

Your email address will not be published.