ISHAN NEWS – Always One Step Ahead of Time…

MSP সন্দৰ্ভত মোদী চৰকাৰৰ কেবিনেটে ল’লে ডাঙৰ সিদ্ধান্ত 

0 275

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটত কৃষকৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মোদীৰ তৃতীয় কাৰ্যকালৰ দ্বিতীয়খন কেবিনেটত ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ত অনুমোদন জনায়। এই সিদ্ধান্তৰ কথা ঘোষণা কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

বৈষ্ণৱে কয়, ‘মন্ত্ৰীসভাই ধান, কুঁহিয়াৰ, কপাহ আৰু মাহজাতীয় শস্যকে ধৰি মুঠ ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ত অনুমোদন জনাইছে।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে খাৰিফৰ বতৰ আৰম্ভ হৈছে, কৃষকক অগ্ৰাধিকাৰ দি ১৪ বিধ শস্যৰ ওপৰত এম এছ পিত অনুমোদন জনাইছে কেবিনেটে। নতুন এম এছ পি অনুসৰি ধানৰ মূল্য ২৩০০ টকা। পূৰ্বতকৈ ১১৭ টকা বৃদ্ধি কৰা হৈছে।

অশ্বিনী বৈষ্ণৱে লগতে কয় যে সমগ্ৰ দেশতে দুই লাখ গুদাম নিৰ্মাণৰ কাম চলি আছে। কৃষকৰ ওপৰত গুৰুত্ব অধিক দিয়া হৈছে।

Leave A Reply

Your email address will not be published.